সময়ৰ কলম

মাইক্ৰফাইনেঞ্চৰ ঋণ মাফৰ প্ৰসংগত | 07-06-021

লেখক : ড কমলাকান্ত দত্ত

মুখ্য আহ্বায়ক, অসম বাৰ্তা

বাণিজ্যিক বেংক বা তেনেধৰণৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণদানৰ ক্ষেত্ৰত অৱলম্বন কৰা কঠোৰ নীতি আৰু যাৱতীয় নথি-পত্ৰৰ বাধ্যবাধকতাৰ বাবে নিম্ন আয়ৰ লোকসকলে ঋণৰ বাবে যোগাযোগ কৰিবলৈ আগবাঢ়ি নাযায়৷ এই অসুবিধা দূৰ কৰিবলৈ আগবাঢ়ি আহিল ’ক্ষুদ্ৰ ঋণদান প্ৰতিষ্ঠান’ সমূহ (Micro Finance Institutions)৷ গাঁও অঞ্চলৰ নিম্ন আয়ৰ লোক সকলক বিশেষকৈ মহিলা সকলক অসমত যোৱা প্ৰায় দুটা বৰ্ষৰ পৰা এনেধৰণৰ ৩৪টা বিত্তীয় প্ৰতিষ্ঠানে ক্ষুদ্ৰ ঋণ আগবঢ়াই আহিছে৷

অসমৰ সদ্যসমাপ্ত পঞ্চদশ বিধানসভাৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপিয়ে অন্তৰ্ভুক্ত কৰা আৰু ভোটাৰৰ মনযোগ আকৰ্ষণ কৰা অন্যতম বিষয় আছিল মাইক্ৰফাইনেঞ্চৰ অধীনত ঋণ লোৱা লোকসকলৰ ঋণ মাফ কৰি দিয়া অৰ্থাৎ এই ঋণৰ সমুদায় ধন চৰকাৰে বহন কৰা৷ এই ঘোষণা কেৱল বিজেপিয়েই কৰা নাছিল, মহাজোঁটৰ জ্যেষ্ঠ ককাইস্বৰূপ জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বৰো নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিয়া৷ স্বাভাৱিকতে এই নিৰ্বাচনী ঘোষণাই ঋণী সকলক‌ আনন্দিত কৰিছিল৷ পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা মিত্ৰজোঁটৰ চৰকাৰৰ মুৰব্বী তথা মুখ্যমন্ত্ৰীয়ে সজোৰে ঘোষণা কৰিছে যে মাইক্ৰফাইনেঞ্চৰ ঋণ চৰকাৰে মাফ কৰিবই৷ চৰকাৰৰ ঋণ মাফ কৰিব যোৱা নীতি সম্পৰ্কে অৰ্থনৈতিক দৃষ্টিকোণেৰে বিশ্লেষণ কৰিবলৈ যোৱাটোৱেই এই লেখাৰ উদ্দেশ্যে৷

ঋণ মানুহে প্ৰধানকৈ দুটা উদ্দেশ্যত লয়৷ কিছুৱে উৎপাদনমূলক আৰু কিছুৱে অনুৎপাদনমূলক কামত ব্যৱহাৰ কৰিবলৈ ঋণ লয়৷ এই অনুৎপাদনমূলক উদ্দেশ্যে সমূহৰ ভিতৰত বিশেষকৈ গৃহ নিৰ্মাণ কৰা, বিবাহ আদি সামাজিক দায়িত্ব পালন‌ কৰা, গাড়ী বা তেনেধৰণৰ সম্পত্তি ক্ৰয় কৰা, অধ্যয়নৰ ব্যয় জোৰা মৰা আদি৷ বেংক আদি বিত্তীয় সংস্থা সমূহে ঋণ দান কৰাৰ ক্ষেত্ৰত সাধাৰণতে উৎপাদনমূলক উদ্দেশ্যত ব্যৱহাৰ কৰিব খোজা ক্ষেত্ৰত ঋণ মঞ্জুৰ কৰিবলৈ অগ্ৰাধিকাৰ দিয়ে৷ ইয়াৰোপৰি যিসকলে ঋণৰ কিস্তি ঘূৰাই দিব পৰা উপাৰ্জনৰ উৎস দেখুৱাব পাৰে, যেনে চাকৰিয়াল, ব্যৱসায় আদি সেইসকলক অনুৎপাদনমূলক উদ্দেশ্যটো বাণিজ্যিক বেংকসমূহে ঋণ প্ৰদান কৰিবলৈ আগবাঢ়ি আহে৷ কিন্তু সমাজৰে নিম্ন আয়ৰ লোকসকলক চৰকাৰী আঁচনিৰ বাধ্যবাধকতাত পৰি ঋণ দিব লগা হ’লেও কেৱল উৎপাদনমূলক উদ্দেশ্য, যেনে-কৃষি, ক্ষুদ্ৰ ব্যৱসায়‌ বা উদ্যোগ আদি স্থাপনৰ বাবেহে ঋণ আগবঢ়ায়৷ কোনো সম্পত্তি ক্ৰয় বা উৎসৱ‌ উদযাপন কৰিবলৈ কেতিয়াও ঋণ প্ৰদান নকৰে৷

বাণিজ্যিক বেংক বা তেনেধৰণৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ ঋণদানৰ ক্ষেত্ৰত অৱলম্বন কৰা কঠোৰ নীতি আৰু যাৱতীয় নথি-পত্ৰৰ বাধ্যবাধকতাৰ বাবে নিম্ন আয়ৰ লোকসকলে ঋণৰ বাবে যোগাযোগ কৰিবলৈ আগবাঢ়ি নাযায়৷ এই অসুবিধা দূৰ কৰিবলৈ আগবাঢ়ি আহিল ’ক্ষুদ্ৰ ঋণদান প্ৰতিষ্ঠান’ সমূহ (Micro Finance Institutions)৷ গাঁও অঞ্চলৰ নিম্ন আয়ৰ লোক সকলক বিশেষকৈ মহিলা সকলক অসমত যোৱা প্ৰায় দুটা বৰ্ষৰ পৰা এনেধৰণৰ ৩৪টা বিত্তীয় প্ৰতিষ্ঠানে ক্ষুদ্ৰ ঋণ আগবঢ়াই আহিছে৷ ক্ষুদ্ৰ ঋণৰ ধাৰণাটোৰ উদ্ভাৱন কৰোঁতাজন আছিল বাংলাদেশেৰ অৰ্থনীতিবিদ ইউনুচ৷

গ্ৰাম্যাঞ্চলৰ মহিলাসকলক ক্ষুদ্ৰ ‌ক্ষুদ্ৰ উৎপাদনমূলক আঁচনি ৰূপায়ণ কৰিবৰ বাবে তাকৰীয়া মূলধনৰ ব্যৱস্থা কৰিছিল আৰু উৎপাদনমূলক কামৰ বাবে কাৰিকৰী পৰামৰ্শও আগবঢ়াইছিল সেইগৰাকী উদ্ভাৱনীমূলক অৰ্থনীতিবিদে৷ তেখেতৰ পৰামৰ্শ সঠিকভাৱে প্ৰয়োগ কৰি মহিলাসকলে উৎপাদনমূলক উদ্দেশ্যত পুঁজি বিনিয়োগ কৰিছিল আৰু সকলো হৈছিল৷ যাৰ জৰিয়তে ধাৰে লোৱা পুঁজি নিজলৈ লাভ ৰাখি মূলধন ঘূৰাই দিবলৈ সক্ষম হৈছিল৷ বাংলাদেশত আৰম্ভ কৰা ’ক্ষুদ্ৰ ঋণ’ৰ গ্ৰাম্যাঞ্চলত যি ফলপ্ৰসূ ফলাফল দেখা গ’ল তাৰ আদৰ্শেৰে আমাৰ‌ দেশতো এই ঋণ ব্যৱস্থা অৱলম্বন কৰা দেখা গ’ল৷ অসমত প্ৰায় ৪৫টা ক্ষুদ্ৰ ঋণ দান অনুষ্ঠানে প্ৰায় ১২ হাজাৰ‌ কোটি টকাৰ এই ব্যৱসায় আৰম্ভ কৰিছে৷ ইয়াৰে ৪৫ শতাংশ বৰঙনি বন্ধন বেংকে আগবঢ়াইছে৷ বাকীখিনিৰ আৰোহণে ৮ শতাংশ, উজ্জীৱনে ৩ শতাংশকৈ আৰু বাকীখিনি অন্যান্য ক্ষুদ্ৰ প্ৰতিষ্ঠান সমূহে যোগান ধৰিছে৷

বাণিজ্যিক বেংকৰ‌ ঋণদান কাৰ্যৰ দৰে এই ক্ষুদ্ৰ ঋণদান ব্যৱস্থাত ঋণৰ বাবে আবেদন কৰাৰ পৰা ঋণ পোৱালৈকে নথি-পত্ৰ প্ৰদান, চুক্তিকৰণ আদি তেনেই সহজ কাৰণে ব্যাপক হাৰত ঋণ ল’বলৈ নিম্ন আয়ৰ লোকসকল আগবাঢ়ি আহিল৷ ইয়াৰে সৰহ সংখ্যকে হয়তো প্ৰাপ্ত ঋণৰ ধন ব্যৱহাৰ কৰিছে সম্পত্তি ক্ৰয়ৰ বাবে বা উপভোগ ব্যয়ৰ বাবে, যাৰ বাবদ সময়ত ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ অপাৰগ হৈ পৰিছে৷ ক’ৰবাত কোনো স্বামীয়ে আত্মহননৰ দৰে পথ বাচি ল’ব লগাত পৰিল৷ আৰু এনে সংকটত পৰা ঋণীসকলক সকাঁহ দিবৰ বাবে নিৰ্বাচনত কংগ্ৰেছ দলৰ লগতে ভাৰতীয় জনতা পাৰ্টীয়েও ভোটাৰৰ মাজত প্ৰচাৰ কৰিলে যে সেই দলে যদি চৰকাৰ গঠন কৰিব পাৰে তেতিয়া ঋণৰ বোজা চৰকাৰে বহন কৰিব৷

এই ঋণ মাফ ব্যৱস্থাই এচাম লোকক উপকৃত কৰিব, কিন্তু এটা অশুভ পৰম্পৰাৰ সৃষ্টি হ’ব৷ এতিয়া যদি গৰিষ্ঠ সংখ্যাক জনতাই “যাৱৎ জীৱেৎ সুখং জীৱেৎ; ঋণৰ কৃত্বা ঘিতং পীবেৎ“ নদী গ্ৰহণ কৰে তেতিয়া ক্ষুদ্ৰ স্তৰত উৎপাদনমূলক প্ৰচেষ্টা নাইকিয়া হ’ব৷ কেৱল চৰকাৰী সাহায্যৰ ওপৰতে বৰ্তি থাকিবলৈ বাট চাই থকা মনোভাৱ দেশৰ অৰ্থনীতিলৈ অশনি সংকেত কঢ়িয়াই আনিব৷ চৰকাৰে দায়িত্ব লোৱাৰ আশা কৰি পুনৰ গৰিষ্ঠ সংখ্যাক লোকে মনৰ উলাহতে এনে ঋণ ল’বলৈ হেতা ওপৰা লগাব আৰু চৰকাৰে দায়িত্ব লোৱাৰ অজুহাততে ঋণদাতা প্ৰতিষ্ঠান সমূহেও ব্যাপকভাবে ঋণদান আগবঢ়াবলৈ আগবাঢ়ি আহিব৷ ইয়াৰ ফলত এহাতে সামগ্ৰীৰ চাহিদা বজাৰত বৃদ্ধি পাব আৰু সেই অনুপাতে যোগান বৃদ্ধি নোপোৱাৰ বাবদ সামগ্ৰীৰ দৰস্তৰ বৃদ্ধি পাব৷ বৰ্ধিত হাৰত ভোগ ব্যয়ৰ জোৰা মাৰিব নোৱাৰি পুনৰ ঋণ ল’বলৈ লৰাঢপৰা৷

ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ কালছোৱাত চৰকাৰে বাণিজ্যিক বেংক সমূহৰ জৰিয়তে, দেশত দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে, কৃষি আৰু ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব পৰাকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত থকা পৰিয়াল সমূহক “পঞ্জীভূত গ্ৰাম্য উন্নয়ন আঁচনি“ৰ অধীনত ৰাজ সাহায্যযুক্ত বেংক ঋণৰ যোগান ধৰিছিল৷ সেই সময়ত গ্ৰামোন্নয়ন বিভাগত ঋণ সম্প্ৰসাৰণ বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰোঁতে আমাৰ চাক্ষুস অভিজ্ঞতা হৈছিল যে মুঠ ঋণ লোৱা প্ৰায় ৮০ শতাংশই লাভ কৰা ধনৰ চৰকাৰী ৰাজসাহায্য আৰু বেংক ঋণৰ ধন ভোগ ব্যয়ৰ বাবে ব্যৱহাৰ কৰিছিল৷ আৰু এই ঋণ বেংকক কেতিয়াও ঘূৰাই দিয়া নাছিল৷ পিছত নাবাৰ্ডে সেই ঋণ বাণিজ্যিক বেংক সমূহক ঘূৰাই দিয়াৰ দায়িত্ব গ্ৰহণ কৰে৷

মুঠ জনসাধাৰণে এটা মনোভাৱেই পোষণ কৰে যে যেনে তেনে ঋণ ল’ব পাৰিলেই হ’ল, সেই ঋণ ঘূৰাই নিদিয়াকৈও বাচি যাব পাৰি৷ এনেধৰণৰ ঋণ মাফ কৰাৰ বোজা পৰে কৰদাতাৰ ওপৰত৷ কথাবোৰ ভাৱি চাবৰ হ’ল৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: