অসম

মাজুলীত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন SOP

নিৰ্মীয়মান আয়ুস, গড়মূৰ, কমলাবাৰী চিকিৎসালয় পৰিদৰ্শন

সংবাদদাতা, কমলাবাৰী:– ক’ভিড পৰিস্থিতি অধিক উন্নতি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজিৰে পৰা কায্যকৰি হোৱাকৈ নতুন মানস সঞ্চালন প্ৰক্ৰিয়া জাৰী কৰিছে। অসমৰ স্বাস্থ্য মন্তি কেশৱ মহন্তই আজি মাজুলীত ঘোষণা কৰে এই নতুন এছ অ’ পি। সংবাদ মাধ্যমিক সম্বোধন কৰি ৰাজ্য চৰকাৰৰ স্বাস্থ মন্ত্ৰী গৰাকীয়ে কয় ,ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা কৰা হৈছে। সেই অনুসৰি নিশা ১০.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন। ইতিপূৰ্বে নিশা ৯.০০ বজালৈ সান্ধ্য আইন বাহাল আছিল। একেদৰেই নিশা ৯.০০ বজালৈ খোলা ৰাখিব পাৰিব কৰ্মক্ষেত্ৰ, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান (হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি)। ইতিপূৰ্বে নিশা ৮.০০ বজালৈ আছিল এই সময়সীমা।ক’ভিড পৰিস্থিতি আৰু অধিক উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে আজিৰে পৰাই কাৰ্যকৰী হোৱাকৈ নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) জাৰি কৰা নিৰ্দেশনা অনুসৰিমুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ লগতে বিবাহ বাহৰত আয়োজিত বিয়াৰ অভ্যৰ্থনা আদিত সৰ্বাধিক ২০০ গৰাকী লোকে অংশগ্ৰহণ কৰিব পাৰিব। সকলো অংশগ্ৰহণকাৰীয়ে দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱাটো বাধ্যতামূলক।ৰাজ্যৰ বিখ্যাৎ ধৰ্মীয় স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত দুয়োপালি প্ৰতিষেধক লোৱা সৰ্বাধিক ৬০ গৰাকী লোকৰ দৰ্শনত অনুমতিপ্ৰদান কৰিছে । আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ৪০গৰাকী লোকৰ বাবে অনুমতিপ্ৰদান কৰিছে চৰকাৰে । দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।ৰাজ্যৰ চিনেমা হ’লসমূহ মুকলি কৰিবলৈ অনুমতি প্ৰদান কৰিছে আৰু ৫০ শতাংশ আসনত দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা দৰ্শকেৰে চিনেমা প্ৰদৰ্শন কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা নিয়াম অনুসৰি সকলো শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে নিজ শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ বিষয়ে ৰাইজে দেখা পোৱাকৈ শিক্ষানুষ্ঠান চৌহদৰ সন্মুখ ভাগত বেনাৰ লগাই ৰাখিব লাগিব ।দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰে সকলো শিক্ষা প্ৰতিষ্ঠানত পাঠদানত অনুমতি দিছে। শিক্ষা বিভাগে ইতিমধ্যে পৃথকে এছঅ’পি জাৰি কৰিছে আৰু প্ৰয়োজন অনুসাৰে অতিৰিক্ত ভাৱে নিয়মাৱলী শিক্ষানুষ্ঠানসমূহলৈ পুনৰ আগবঢ়াব।অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ভ্ৰাম্যমান থিয়েটাৰৰে জৰিত সকলো পক্ষৰে আলোচনা চলাই আছে। এই বিষয়ত মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সিদ্ধান্ত আগবঢ়াব।তাৰোপৰি স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ আসনৰ দৰ্শক আৰু ক’ভিড প্ৰট’কল মানি নাট প্ৰদৰ্শন কৰিব পাৰিব। শিল্পী, কলা-কুশলী, দৰ্শক সকলোৱে দুয়োপালি প্ৰতিষেধক ল’ব লাগিব।ইয়াৰ পূৰ্বে মন্টি গৰাকী য়ে উজনি মাজুলী চিৰামত নিৰ্মিয়মন আয়ুস চিকিৎসালয় পৰিদৰ্শন কৰি উচ্চ স্তৰিয় পাৰদৰ্শী দল পৰিদৰ্শন কাৰণে দীঘে মাজুলীলৈ পেৰণৰ জৰিয়তে নিৰ্মাণৰ কিবা খুটি নাতি ৰৈ গৈছেনেনকি তাক ভালদৰে পৰ্যবেক্ষণ কৰিব বুলি উল্লেখ কৰে। তাৰ পাছত মন্তী গৰাকী গৰামূৰ পীতাম্বৰ দেৱ অসমৰ চিকিৎসাল়খন পৰিদৰ্শন কৰাৰ লগতে শিশুৰ বাবে ১২ খন আই চি ইউ বেদ, ১০ খন জেনেৰেল বেদ, আৰু ২০ খন অতিৰিক্ত অক্সিজেন বেদ সংযোগ কৰি চিকিৎসাল়খনৰ খৰতকীয়া উন্নয়ন কৰা বুলি উল্লেখ কৰে। তেনেদৰেই মিনতি গৰাকীৰ মাজুলীৰ প্ৰাচীন কমলাবাৰী ৩০ খন বিছনা যুক্ত চিকিৎসালয়খন পৰিদৰ্শন কৰি অতিৰিক্ত গৃহ নিৰ্মাণৰ জৰিয়তে ৫০খন চিকিৎসালয়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: