অসম

মাজুলীৰ প্ৰাক্তন ৰাজহ চক্ৰ বিষয়া, সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যুত মাজুলীত শোক

বিশেষ সংবাদদাতা, মাজুলী : সত্ৰভূমি মাজুলীৰ সমাজ-সংস্কৃতিলৈ অনবদ্য বৰঙনি আগবঢ়াই যোৱা মাজুলীৰ প্ৰাক্তন ৰাজহ চক্ৰ বিষয়া, কথাশিল্পী, অসমৰ সংবাদ জগতৰ মহীৰূহ হোমেন বৰগোহাঞিৰ আজি পূৱা মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ মাজুলীজুৰি শোকৰ ছাঁ পৰে । মাজুলীৰ প্ৰথমটো চৰকাৰী কাৰ্য্যালয়ত  কৰ্মৰত আছিল হোমেন বৰগোহাঞি।

১৯৫৫ চনৰ পৰা ১৯৫৬ চনলৈ মাজুলীত ৰাজহ চক্ৰ বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল  আৰু তেওঁৰ পত্নী নিৰুপমা বৰগোহাঞিয়েও মাজুলী আউনিআটী হাইস্কুলত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল ।সেইসময়ত বৰগোহাই দম্পত্তি সত্ৰভূমিৰ সমাজ সংস্কৃতিৰ লগত জড়িত হৈ পৰিছিল । মাজুলীৰ সমাজ সংস্কৃতিলৈ বৰগোহাঞিৰ আছিল অনবদ্য অৱদান।‌

মাজুলী কৰ্মৰত অৱস্থাত তেওঁ কেইবাখনো অমূল্য গ্ৰন্থ ৰচনা কৰিছিল।‌ অসমৰ সাহিত্য- সংবাদ  জগতৰ মহীৰূহ ,স্থিতপ্ৰজ্ঞ বুদ্ধিজীবি, অসমৰ সমাজ জীৱনৰ বটবৃক্ষ স্বৰূপ হোমেন বৰগোহাঞিৰ আকস্মিক বিয়োগত মৰ্মাহত মাজুলী জিলা সাহিত্য সভা। আজি পূৱা মাজুলী জিলা সাহিত্য সভাৰ অস্থায়ী কাৰ্যালয়ৰ

সমুখত অসম সাহিত্য সভাৰ পতাকা অৰ্ধনমিত কৰি বিদেহ আত্মাৰ চিৰশান্তি কামনাৰে পৰমপুৰুষৰ চৰণত প্ৰাৰ্থনা জনোৱা হয়। সভাই পতাকা অৰ্ধনমিত কৰি তিনি দিনীয়া শোক পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মাজুলীৰ জন জীৱনৰ লগত একাত্ম হোৱা এই গৰাকী মহান ব্যক্তিৰ অবৰ্তমানত ম্ৰীয়মান মাজুলীবাসী। আজি মাজুলী

জিলা সাংবাদিক সন্থা, মাজুলী জিলা ছাত্ৰ সন্থা, মাজুলী জিলা যুৱ ছাত্ৰ পৰিষদ, পূব মাজুলী মহাবিদ্যালয়, মাজুলী মহাবিদ্যালয়, মাজুলী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় আদি অনুষ্ঠান প্ৰতিষ্ঠানে মহিৰূহ গৰাকীৰ বিয়োগত শোকসভা অনুষ্ঠিত কৰি গভীৰ শোক প্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: