অসম

মাজুলীৰ বিশিষ্ট লেখিকা দিপালী বৰাৰ নৱতম গ্ৰন্থ ‘চাকনৈয়া’ উন্মোচন

সংবাদদাতা, কমলাবাৰী : কমলাবাৰী আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত মাজুলীৰ এগৰাকী সাহিত্যানুৰাগী, বিশিষ্টা লেখিকা তথা শিক্ষয়িত্ৰী দিপালী বৰাৰ নবতম গ্ৰন্থ ‘চাকনৈয়া’ উন্মোচন কৰে মাজুলী শিক্ষাখণ্ডবিষয়া তথা বিদ্যালয় উপ পৰিদৰ্শক নৰ গোহাঁইয়ে। অতিমাৰীৰ ভয়াবহ পৰিৱেশৰ মাজত সাহিত্যৰ ক্ষেত্ৰখনত লেখিকাই আগবঢ়োৱা অবদানে পাঠক সমাজক আৰু নৱপ্ৰজন্মক প্ৰেৰণা দান কৰিব বুলি আশা ব্যক্ত

কৰি শিক্ষা বিষয়া গৰাকীয়ে লেখিকাৰ পৰা নতুন সৃষ্টিৰ বাবে কলম চলাই যাবলৈ আহ্বান জনায়। এই উদ্দেশ্য আয়োজিত সভাত সভাপতিত্ব কৰে ৰামধেনু শাখা সাহিত্য সভাৰ সভাপতি আৰতি বৰাই মননশীল লেখক তথা শিক্ষক কুমুদ বৰাই আতধৰা সভাখনত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সহ পৰিদৰ্শক কেশৱ দেউৰীয়ে। মুখ্য অতিথি আৰু বিশিষ্ট অতিথিৰ আসনৰ পৰা ক্ৰমে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা, ৰামধেনু

শাখা সাহিত্য সভাৰ সম্পাদক ডিম্বেশ্বৰ দত্ত,১ নং কমলাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত বৰা আদিয়ে লেখিকাৰ প্ৰচেষ্টাৰ শলাগলৈ পুনৰোদ্যমে সাহিত্য সেৱাত ব্ৰতী হবলৈ আহ্বান জনায়।লেখিকাই জীৱন যুজৰ অভিজ্ঞ তাৰ বৰ্ণনাৰে সাহিত্য সেৱাৰ এক বৃত্তান্ত ডাঙি ধৰে। সভাত গ্ৰন্থৰ প্ৰকাশক সঞ্জীৱ বৰা, জিতা বৰা হাজৰিকাই বক্তব্য ৰখাৰ উপৰিও কমলাবাৰী আঞ্চলিক লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা মণিষা দত্তই শলাগৰ শৰাই

আগবঢ়োৱাৰ উপৰিও গ্ৰন্থকাৰৰ এটি কবিতা আবৃত্তি কৰে। সভাৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসমৰ বিশিষ্ট সাহিত্যিক ড লক্ষ্মীনন্দন বৰা, সদ্যপ্ৰয়াত প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক আৰু জ্ঞাত-অজ্ঞাত বৰেণ্য ব্যক্তি সকলৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনাৰে মৌন প্ৰাৰ্থনা জনোৱা হয়। উল্লেখযোগ্য যে গ্ৰন্থখনত অভিজ্ঞতা, প্ৰবন্ধ, গল্প, উপন্যাস, শিক্ষাবিষয়ক নিবন্ধ আৰু কেইবাটাও শিশু উপযোগী লেখা একত্ৰিত কৰি প্ৰকাশ কৰা হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: