অসম

মাটিয়া আদৰ্শ চিকিৎসালয় কৰ্তৃপক্ষৰ দায়িত্বজ্ঞানহীন কাণ্ডত শংকিত ৰাইজ

ক’ভিড আক্ৰান্ত ব্যক্তিক চাইকেলেৰে ঘৰলৈ পঠিয়াই দিলে

সংবাদদাতা, দুধনৈ : সমগ্ৰ দেশৰ লগতে ৰাজ্যত ক’ভিড-১৯ৰ দ্বিতীয় লহৰে সংহাৰী ৰূপ লোৱাৰ মাজতে গোৱালপাৰা জিলাৰ মাটিয়াত ক’ভিড আক্ৰান্ত ৰোগীক লৈ চৰম হেতালি স্বাস্থ্য বিভাগৰ৷ মাটিয়া আদৰ্শ স্বাস্থ্য কেন্দ্ৰৰ পৰা এগৰাকী ষাঠি উৰ্ধৰ কো’ভিড পজিটিভ ৰোগীক এম্বুলেন্স অবিহনে চাইকেলেৰেই পঠাই দিয়া হ’ল ঘৰলৈ।

জিলা স্বাস্থ্য বিভাগৰ এনে দায়িত্বজ্ঞানহীনতাত অঞ্চলজুৰি ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংক আৰু শংকা৷ প্ৰাপ্ত তথ্য অনুসৰি আজি মাটিয়া মজকুৰি গাঁৱৰ প্ৰভাত কলিতা নামৰ এগৰাকী ব্যক্তিৰ সামান্য গা বেয়া হৈ থকাত তেওঁ চিকিৎসাৰ বাবে চাইকেলেৰে মাটিয়া আদৰ্শ চিকিৎসালয়লৈ গৈছিল৷ 

তেনে সময়তে চিকিৎসালয় খনত প্ৰভাত কলিতাক স্বাস্থ্য পৰীক্ষাৰ লগতে ৰেপিড এন্টিজেনট টেষ্ট লোৱা হয়৷ এই পৰীক্ষাত ব্যক্তি গৰাকীৰ দেহত ক’ভিড পজিটিভ পোৱা গ’ল। পৰৱৰ্তী পৰ্যায়ত কোনো বিশেষ লক্ষণ নথকাৰ বাবেই ক’ভিড ৰোগী গৰাকীক চিকিৎসালয় কৰ্তৃপক্ষই  হোম আইচোলেচনত ৰখাৰ সিদ্ধান্তৰে ঘৰলৈ যাব দিয়ে৷ কিন্তু আশ্বৰ্য্যজনক কথা ষাঠি উৰ্ধৰ

ক’ভিড ৰোগী গৰাকীক এম্বুলেন্সৰ পৰিৱৰ্তে দায়িত্বজ্ঞান হীনতাৰে তেওঁ চলাই যোৱা চাইকেলখনৰে ঘৰলৈ যাব দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ৷ এনেদৰে অসুৰক্ষিত অৱস্থাত এগৰাকী ষাঠি উৰ্ধৰ ক’ভিড ৰোগীক ঘৰলৈ পথাই দিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷ আনহাতে স্বাস্থ্য বিভাগৰ লোকে ক’ভিড আক্ৰান্ত

ব্যক্তি গৰাকীৰ ঘৰত তিনিঘন্টা উকলি যোৱাৰ পিচতো পৰিয়ালটোৰ আন ব্যক্তিসকলৰ ক’ভিড পৰীক্ষাৰ কোনো ব্যবস্থা নকৰাৰ লগতে ক’ভিডৰ নীতি নিৰ্দেশনা দিয়া নাই বুলি গুৰুতৰ অভিযোগ কৰিছে স্থানীয় লোকে৷ ইতিমধ্যে গোৱালপাৰা জিলাত ক’ভিড আক্ৰান্তৰ সংখ্যাই তিনিশৰ ঘৰ পাৰ কৰিছে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: