uncatagorised

মাত্ৰ ১৫০ টকাত বিবাহ সম্পন্ন কৰিলে তাৰকা দম্পতীয়ে

বিয়াৰ বাবে সাঁচি থোৱা ধন আগবঢ়ালে কৰ’না ৰোগীৰ চিকিৎসাৰ বাবে

ষ্টাফ ৰিপ’ৰ্টাৰ : ২০১৮তে ভিৰাফ পেটেল আৰু ছল’নিয়ে ২০২০ত বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু কৰ’নাৰ প্ৰথমটো ঢৌ আৰু তলাবন্ধৰ বাবে বাতিল কৰিবলগীয়া হয় পৰিকল্পনা। এক সাক্ষাৎকাৰত ছল’নিয়ে জনায়, ‘ভাবিছিলো ২০২১ ত সকলো সুস্থিৰ হ’লে উলহ মালহেৰে বিবাহ অনুষ্ঠিত কৰিম।

বিগত জানুৱাৰীত পুনৰ বিবাহৰ দিন ধাৰ্য কৰে তেওঁলোকে। মে’ৰ ছয় তাৰিখত ৰেজিষ্ট্ৰী। ১৫ আৰু ১৬ তাৰিখত মুম্বাই আৰু দিল্লীত বিবাহ উপলক্ষে সৰু অনুষ্ঠানৰ আয়োজন কৰাৰ পৰিকল্পনা কৰিছিল । অতিমাৰীৰ দ্বিতীয় ঢৌত সকলো পৰিকল্পনা ব্যৰ্থ হৈ যায় । এপ্ৰিলত ছল’নি,

ভিৰাফসহ তেওঁলোক দুই পৰিয়ালৰ সকলোৱে কৰ’নাত আক্ৰান্ত হয়। সেয়ে ১৫ আৰু ১৬ তাৰিখৰ অনুষ্ঠান বাতিল কৰা হয়। পৰিয়ালবৰ্গৰ অবিহনে বিয়া কৰিবলৈ সুখী নহয় দুয়োৱে । ইয়াৰ পাছতেই ন্যায়ালয়ৰ স’তে যোগাযোগ কৰি বিবাহৰ

প্ৰস্তুতি আৰম্ভ কৰে । এগৰাকী বান্ধৱীয়ে শাৰী দিয়ে ছল’নিক। শৰীৰৰ স’তে একেই ৰঙৰ পুৰণা পোছাক পৰিধান কৰে ভিৰাফে। ছল’নিৰ আঙুঠি পিন্ধাৰ হেঁপাহ আছিল। কিন্তু আঙুঠি কিনিব নোৱাৰাৰ বাবে এটা অভিনৱ উপায়

ওলিয়াই অভিনেতাজনে । তেওঁ ৰাবাৰ বেণ্ড পকাই আঙুঠি বনাই ছল’নিক পিন্ধাই। তেওঁলোকে বিবাহৰ বাবে জমা কৰা ধন কিছু স্বেচ্ছাসেৱী সংগঠনৰ স’তে যোগাযোগ কৰি কৰ’না আক্ৰান্তসকলৰ বাবে দান কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button