অসম

মানকাচৰত চিআৰপিএফৰ ছিভিক একছন কাৰ্যসূচীৰ জৰিয়তে শিক্ষাৰ্থীক শাৰীৰিক প্ৰশিক্ষণ, লিখিত প্ৰশিক্ষণৰ দ্বাৰা সেনাত ভৰ্তিৰ শিবিৰ মুকলি

সংবাদদাতা, মানকাচৰ:- দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সীমান্ত জাতীয় বিদ্যালয়ত আজি ৪৮ নং চি আৰ পি এফ বেটেলিয়ানে এক ছিভিক একছন কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ বিভিন্ন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীক শাৰীৰিক প্ৰশিক্ষণ, লিখিত প্ৰশিক্ষণৰ দ্বাৰা সেনা বাহিনী, চি আৰ পি এফ; বিএছ এফ আৰু অসম আৰক্ষীত ভৰ্তিৰ পথ সুগম কৰাৰ উদ্দেশ্যে এখন প্ৰাক প্ৰশিক্ষণ শিবিৰ মুকলি কৰা হয়। উক্ত শিবিৰ মুকলি কৰে ৪৮ নং চি আৰ পি এফ বেটেলিয়ানৰ সহকাৰী কামাণ্ডেন বিজয় হেমৰনে। উল্লেখযোগ্য যে চিআৰপিএফে সাধাৰণ লোকৰ লগতে ছাত্ৰ-ছাত্ৰীৰ লগত সু-সম্পৰ্ক গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে এইদৰে ছিভিক একছন কাৰ্যসূচীৰ জৰিয়তে বিভিন্ন খেল ধেমালিৰ সামগ্ৰী বিতৰণ কৰি আহিছে লগতে একাংশ শিক্ষানুষ্ঠানত শৌচালয় আদিও নিৰ্মাণ কৰি আহিছে। আজি চিআৰপিএফৰ ৪৮ বেটেলিয়ান সহকাৰী কামাণ্ডেন বিজয় হেমৰনে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ স্কুল কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে যাতে দেশ সেৱাত নিয়োজিত হৈ দেশ মাতৃক সুৰক্ষা দিব পাৰে তাৰ বাবে শাৰীৰিক ভাবে সু-স্বাস্থ্যৰ অধিকৰী হ’ব লাগিব। সেই কাৰণে মানকাচৰৰ চিআৰপিএফৰ ৪৮ নং বেটেলিয়ানে জিলা খনৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰী সকলক এই শিবিৰত ভৰ্তি কৰি ৪৫ দিনীয়া এখন প্ৰশিক্ষণ শিবিৰ মুকলি কৰে। লগতে চিআৰপিএফ ভৰ্তিৰ অংশ লোৱা গ্ৰুপ চি আৰু গ্ৰুপ ডি’ৰ প্ৰাৰ্থী সকলেও উক্ত শিবিৰত প্ৰশিক্ষণ লৱ। তদুপৰি প্ৰশিক্ষণ শিবিৰ খনত শাৰীৰিক প্ৰশিক্ষণ দিয়া পিছত লিখিত পৰীক্ষাৰ জৰিয়তে সেনা, চি আৰ পি এফ, বিএছ এফ, অসম আৰক্ষীত কেনেদৰে ভৰ্তি হব পাৰি তাৰ বাবে প্ৰাক প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি মানকাচৰৰ ৪৮ নং চি আৰ পি এফ বেটেলিয়নৰ সহকাৰী কামাণ্ডেন বিজয় হেমৰনে জানিব দিয়ে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button