অসম

মানকাচৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজনক আটক

সংবাদদাতা, মানকাচৰ:- দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত -২নং পুবেৰ গাঁৱত যোৱা নিশা প্ৰায় ৩ বজাত গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী আৰু ‘ ই- ৪৮ বি এন, চি আৰ পি এফে যৌথভাবে অভিয়ান চলায়। অভিযানৰ কালত জিয়াদুৰ ইছলাম (২৯) ওৰফে গাড্ডু মাজি নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী ঘৰৰ পৰা spsphen plus নামৰ টেবলেট ২৪৪৮টা জব্দ কৰিবলৈ সক্ষম হয়।

লক্ষণীয় যে দীৰ্ঘ দিন ধৰি মানকাচৰ আৰক্ষী থানা, কালাপানী আৰক্ষী চকী, খাৰুৱাবান্ধা আৰক্ষী চকী দক্ষিণ শালমাৰা আৰক্ষী থানাৰ এলেকাত ৰমৰমীয়াভাবে ড্ৰাগছৰ বেহা অব্যাহত আছে। যাৰ ফলত জিলাখনৰ যুৱ প্ৰজন্মই ড্ৰাগছ আসক্ত হৈ ধ্বংসৰ ফালে গতি কৰিছে। উল্লেখ্য যে ইয়াৰ আগতেও জিয়াদুৰ ইছলামক আৰক্ষীয়ে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল। সম্প্ৰতি আটককৃত যুবক জনক মানকাচৰ আৰক্ষীয়ে মাৰথান জেৰা অব্যাহত ৰাখিছে আৰু কাইলৈ জেল-হাজোতলৈ প্ৰেৰণ কৰিব বুলি আৰক্ষীয়ে সদৰী কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: