অসম

মানকাচৰৰ বাঘাপাৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ চাৰিজনক আটক

সংবাদদাতা, মানকাচৰ:-

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষীৰ দল এটাই গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্য জব্দ কৰাৰ লগতে চাৰি গৰাকী সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে, মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ আৰক্ষীৰ দল এটাই আজি ধাৰাকোবাৰ পৰা দুজন ড্ৰাগছ ব্যৱসায়ীৰ লগতে জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। ৪০৪০টা SP plus নিচাজাতীয় টেবলেট আৰু ৬০ বটল কফ ছিৰাফ জব্দ কৰিছে। ইফালে মানকাচৰৰ বাঘাপাৰাৰ পৰাও দুজন ড্ৰাগছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা ধৃত ড্ৰাগছ ব্যৱসায়ী সকল হ’ল বাদশা মিয়া, ময়নাল আলী, মনোৱাৰ হক আৰু মনিৰুল হক। সম্প্ৰতি কালাপানী আৰক্ষী চকীৰ আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰু কাইলৈ চাৰিওজন ড্ৰাগছ ব্যৱসায়িক হাটশিঙিমাৰীৰ ন্যায়িক আদালতত হাজিৰ কৰিব বুলি আৰক্ষীয়ে জানিব দিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: