অসম

মানাহত অচিনাক্ত মৃতদেহ উদ্ধাৰ : অঞ্চলব্যাপি তীব্ৰ চাঞ্চল্য

সংবাদদাতা, বঙাইগাঁও : কৰ’নাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগত থকা মানাহ নদীৰ ওপৰত থকা আৰ চি চি দলংৰ তলত এটা অচিনাকি মৃতদেহ প্ৰত্যক্ষ কৰে পথচাৰীয়ে।

বগুৰী গছত উলমি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱা ঘটনাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত্যুদেহটো মাণিকপুৰ বৰবিলা গাঁৱৰ এজন মাছমৰীয়াৰ বুলি প্ৰথমে সন্দেহ কৰিছিল।

মৃত্যুদেহটো প্ৰায় ৪০ বছৰীয়া এজন পুৰুষৰ, যদিও পৰৱৰ্তী সময়ত চিনাক্ত হোৱা নাই। স্হানীয় ৰাইজৰ মতে এয়া হত্যা নে আত্মহত্যা ৰহস্যজনক হৈ পৰিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব হত্যা নে আত্মহত্যা।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: