অসম

মানাহৰ বুকুত সম্পূৰ্ণ নিশ্চিহ্ন এখন বিদ্যালয়

নিমাত বিভাগীয় কৰ্তৃপক্ষ: মুক্ত আকাশৰ তলত পাঠদান

সংবাদদাতা, কোকিলাঃ- বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত নাম্বাৰপাৰা উত্তৰ পশ্চিম প্ৰাথমিক বিদ্যালয় মানাহৰ প্ৰবল গৰাখহনীয়াৰ কৱলত পৰি মানাহৰ বুকুত নিশ্চিহ্ন হৈ যায়। বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে বিভিন্ন প্ৰকাৰে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰে। বিভিন্ন সময়ত বিভিন্ন বিষয়ববীয়া সকল আহি পৰিদৰ্শন কৰি যায়। জিলা উপায়ুক্ত, বিধায়কেও আহি পৰিদৰ্শন কৰে। কিন্তু এই কণকণ ল’ৰা-ছোৱালীৰ পঢ়াৰ তথা জীৱনৰ আদি পাঠ গ্ৰহণ কৰা ঠাই তথা বিদ্যালয়খন স্থানান্তৰ কৰি পুনৰ নিৰ্মাণৰ কোনো ব্যৱস্থা কৰা নাই। কিছু দিন বিদ্যালয়ৰ বাহিৰত পাঠ দান কৰি আছিল ছাত্ৰ-ছাত্ৰী সকল। কিন্তু পৰৱৰ্ত্তী সময়ত প্ৰধান শিক্ষক জনে নিজৰ মাটিত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি এখন চালি ঘৰ নিৰ্মাণ কৰে। মাত্ৰ দুটা কেঁচা কোঠাত ৫টা শ্ৰেণীৰ পাঠদান চলাই আছে। উপন্তৰ হৈ বৰ্তমান বাহিৰত শিক্ষা দান চলাই থকা পৰিলক্ষিত হৈছে। ইফালে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দেখা গ’ল আন এক ভয়ংকৰ ছবি। য’ত দমকলৰ পৰা পানী উঠাই ঢোকে-ঢোকে খাই আছে। যি পানীৰ পৰাই অধিকাংশ বেমাৰ মানুহৰ হয়। সেই পানী কোনো শোধন নকৰা কৈ ঢোকে-ঢোকে খাই থকাৰ বাবে বেমাৰ নিশ্চিত বুলি ক’ব পাৰি। বিদ্যালয়খনত প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰ আছে। তাৰ পাছতো চৰকাৰে কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই। ইফালে গৰমৰ দিন সমাগত বিদ্যালয়খনত নাই বিদ্যুতৰ ব্যৱস্থা। আকো বাৰিষা কাল চমু চাপি অহাৰ লগে-লগে চিন্তিত হৈ পৰিছে শিক্ষক সকলৰ লগতে ছাত্ৰ-ছাত্ৰীৰ অভিৱাক সকল। বিদ্যালয়খন সম্পূৰ্ণ জাহ যোৱাৰ পিছতো চৰকাৰ তথা বিভাগীয়ভাৱে সৱল ব্যৱস্থা নোলোৱাত ক্ষুদ্ধ হৈ পৰিছে অভিৱাক সকল। শিক্ষক সকলৰ লগতে স্থানীয় ৰাইজে ছাত্ৰ-ছাত্ৰী ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ সু দৃষ্টি কামনা কৰিছে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button