অসম

“মানুহে মানুহৰ বাবে” : যোৰহাটৰ ক্ৰিচেণ্ট একাডেমীৰ মহৎ প্ৰচেষ্টা

সংবাদদাতা, বাহনা : যোৰহাটৰ এখন  আগশাৰীৰ নামজ্বলা অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান  ‘ক্ৰিচেন্ট একাডেমী’। শৈক্ষিক কৰ্মৰাজিৰ লগতে বিভিন্ন সময়ত বিভিন্ন সামাজিক-সংস্কৃতিক কৰ্মৰাজীৰে সমাজত এক আদৰ্শ আৰু দৃষ্টান্ত দাঙি ধৰিবলৈ সক্ষম হৈছে এই শিক্ষা প্ৰতিষ্ঠানখন। ধঁপাতমুক্ত সমাজ গঢ়াৰ পৰিকল্পনাৰে কাম কৰি থকা

শিক্ষানুষ্ঠানখনে শেহতীয়াকৈ বিশ্বৰ আতংক ক’ৰনা মহামাৰীৰ এই জটিল সময়তো দুৰ্গত জনৰ কাষত  সেৱাৰ মনোভাৱেৰে থিয় দি আহিছে  এই প্ৰতিষ্ঠান খনিয়ে,,,”মানুহে মানুহৰ বাবে…”।  সুধাকণ্ঠৰ এই আপ্ত বাক্য শাৰীৰ সাৰ্থকতা প্ৰতিপন্ন কৰি বিভিন্ন সময়ৰ লগতে আজিও যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ কাষত প্ৰায় ১০০ জন শ্ৰমিক খাদ্য-সামগ্ৰী,

মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে। বিশিষ্ট শিল্পী জয়ন্ত নাথ, হেমাজ কুৰ্মী, প্ৰকৃতিৰ সেৱক সমীৰ ৰয়, পোহৰ লাইভ ৮ সম্মাদক অমৰ বৰুৱা, যুৱ সমাজকৰ্মী অংকুৰ বৰুৱা, সঞ্জয় জা কে প্ৰমুখ্য কৰি বিভিন্ন জন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই মহৎ কাৰ্যৰ শুভাৰম্ভ কৰে যোৰহাট জিলাৰ মাননীয় অতিৰিক্ত  উপায়ুক্ত  দামোদৰ  বৰ্মনে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: