অসম

মানৱ অধিকাৰ সহায়তা সংস্থাৰ শিশু দিৱস পালন

সংবাদদাতা, শিৱসাগৰঃ সোমবাৰে চেপন পুৰণা বাগিছা লাইনৰ ক্লাৱঘৰত মানৱ অধিকাৰ সহায়তা সংস্থা (Human Right Helping Hands Foundation)ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত শিশু দিৱস আয়োজন কৰা হয়। শিশুসকলৰ মাজত বিভিন্ন খেল-ধেমালি গীত-মাত, বেলুন বিতৰণ আৰু শেষত প্ৰীতি ভোজৰ ব্যৱস্থা কৰা হয়।

উক্ত অনুস্থানত উপস্থিত থাকে মানৱ অধিকাৰ সহায়তা সংস্থাৰ মহিলা সমিতিৰ অসম সমিতিৰ বিভা গায়ন চেতিয়া , ৰিংকু বিশ্বাস চৰাইদেউ জিলা সমিতিৰ হৈ সম্পাদক মনোজ কুমাৰ গগৈ,অজিত গগৈ, নিতন দাস, সভানেত্ৰী সোণালী গগৈ,সম্পাদিকা পৰিস্মীতা দিহিঙীয়া, চিত্ৰা বৰা, মধুমিতা বৰবৰুৱা আৰু জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া।

Show More

Leave a Reply

Your email address will not be published.

Back to top button