অসম

মাৰ্ঘেৰিটাত চাৰিদিনীয়া ৰাষ্ট্রীয় যোগা আৰু প্রকৃতি অধ্যয়ন শিৱিৰ সম্পন্ন

সংবাদদাতা, মাৰ্ঘেৰিটা:- মাৰ্ঘেৰিটা নগৰৰ উপকণ্ঠৰ বৰগোলাই ব্লু-বাৰ্ড চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয় প্ৰাংগণত যোগা ফিজিক এডুকেশ্যন বোৰ্ড অসমৰ উদ্যোগত অষ্টম বাৰ্ষিক নেশ্যনেল য়গা এণ্ড নেচাৰ ষ্টাডি কেম্পৰ আজি সফল সামৰণি পৰে। সন্ধিয়া বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত ক্ৰীড়া সংগঠক ভানু চক্ৰৱৰ্তী, বিশিষ্ট চিকিৎসক ডাঃ টি চি বৰঠাকুৰ, ক্ৰীড়াবিদ প্ৰদীপ নাথ, ব্লুবাৰ্ড বিদ্যালয়ৰ অধ্যক্ষা সুজাতা চক্ৰৱত্তী, উপাধ্যক্ষা প্ৰিয়দৰ্শিনী বৰঠাকুৰ, ফিজিক এডুকেশ্যন বৰ্ডৰ সুখময় নাথ আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ উপসভাপতি সমীৰণ বৰঠাকুৰ, সংস্থাৰ মুখপাত্ৰ মানস প্ৰতীম গগৈ আৰু বিদ্যালয়খনৰ স্বত্বাধিকাৰ তাপস ভৌমিক আদি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অসমৰ বিভিন্ন জিলাৰ লগতে পশ্চিমবংগৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা শিৱিৰৰ সামৰণি অনুষ্ঠানত শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় ব্লুবাৰ্ড চিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ৰ সঞ্চালক ৰত্না ভৌমিকে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলে যোগাসনৰ বিভিন্ন কলা কৌশল প্ৰদৰ্শন কৰে। সুদীপ চক্ৰৱৰ্ত্তীয়ে আঁত ধৰা অনুষ্ঠানতে প্ৰশিক্ষাৰ্থী সকলক প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button