মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; ঠাইতে নিহত বাইক আৰোহী

সংবাদদাতা, মাৰ্ঘেৰিটা:- মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা। ঠাইতে নিহত বাইক আৰোহী। আজি সন্ধিয়া তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ডিহিং চাহ বাগিচাৰ সমিপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাবহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। ডিগবৈ ২নং বৰবিলৰ নিবাসী চন্দন দত্তৰ পুত্ৰ সুমন দত্ত নামৰ ব্যক্তিজন এই পথ দুৰ্ঘটনাত মৃত্যু হয়। মাৰ্ঘেৰিটা দিশৰ পৰা ডিগবৈ অভিমুখে এ এছ ২৩এন ০৫১৬ নম্বৰ এখন মটৰ চাইকেলৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা এখন ৰঙা ৰঙৰ সৰু গাড়ীয়ে প্ৰচণ্ড যোৰে খুণ্ডা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰি বাহনখন পলায়ন কৰে। স্থানীয় ৰাইজ আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে সুমনক ততাতৈয়াকে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও দত্তক মৃত বুলি ঘোষণা কৰে চিকিৎসকে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষী এই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। পুৱাৰে পৰা মাৰ্ঘেৰিটাত বৰষুণ দি থকাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলত কুঁৱলি থকাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’ল বুলি ধাৰণ কৰিছে প্ৰত্যক্ষদৰ্শী সকলে। অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰা ৰঙা ৰং গাড়ীখনৰ সন্মুখৰ ভাগৰ এটা অংশ ভাঙি পৰি যায়। স্থানীয় ৰাইজে কয় এনে গাড়ী সন্ধানত অভিযান আৰম্ভ কৰিলে আৰক্ষীয়ে নিশ্চিত ভাবে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী আৰু চালক আটক কৰিবলৈ সক্ষম হ’ব বুলি কৈছে।