অসম

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ডিৰাক সোনজান-বৰডুমচা সংযোগী পথত ব্যাপক দুৰ্নীতিৰ অভিযোগ

ঠিকাদাৰৰ অনুজ্ঞা পত্ৰ বাতিল দাবী স্থানীয় ৰাইজৰ

সংবাদদাতা, কাকপথাৰ:- তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত ডিৰাক সোনজান পৰা বৰডুমচা সংযোগী পথত ব্যাপক দুৰ্নীতি অভিযোগ উত্থাপন হৈছে।অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগে ডিৰাক সোনজানৰ পৰা বৰডুমচা সংযোগী ১৭ কিলোমিটাৰ পথচোৱা নিৰ্মাণৰ বাবে আৱণ্টিত দিছিল প্ৰায় ৪ কোটি ৩৮ লাখ টকা। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ ২০২০-২১ অধিনত এছ অ পি ডি অধিনৰ নিৰ্মাণ হোৱা পথছোৱাৰ নিৰ্মাণৰ বাবে ঠিকা লাভ কৰিছিল তিনিচুকীয়াৰ লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ ৰাম স্বৰুপ য়াদপে।উক্ত ১৭ কিলোমিটাৰ পথছোৱাত ঠিকাদাৰ গৰাকীয়ে অধিক মুনাফা লাভ কৰাৰ উদেশ্যৰে ব্যাপক দুৰ্নীতিত লিপ্ত হৈ কাম কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।ডিৰাক সোনজান পৰা বৰডুমচা সংযোগী নিৰ্মীয়মান পথছোৱাত ঠিকাদাৰে অধিক মুনাফা লাভালাভৰ বাবে চেনগ্ৰেভেল দিয়াৰ পিছত প্ৰথম প্ৰলেপৰ কম পৰিমাণে ফটা শিলগুটি দি দ্বিতীয় প্ৰলেপৰ কাম নকৰাকৈ পথছোৱা নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে।যিহেতু উক্ত পথছোৱাৰ লোক নিৰ্মাণ বিভাগৰ নীতি নিয়ম মতে পথছোৱাৰ বহল হব লাগে ৩.৭৫ মিটাৰ কিন্তু বৰ্তমান নিৰ্মীয়মান অৱস্থাৰ পথছোৱাৰ দৈৰ্ঘ্য হল মাত্ৰ ৩.৬৪ মিটাৰ।আজি স্থানীয় ৰাইজে পথছোৱা নিৰ্মাণ হৈ থকাৰ সময়তেই ব্যাপক খেলিমেলি হোৱা অভিযোগ তুলি নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে।লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰে উক্ত পথছোৱা চৰকাৰী নীতি নিয়ম মতে যি ধৰণে নিৰ্মাণ কৰিব লাগিছিল সেইধৰণে নিৰ্মাণ হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে।কৈলাসপুৰ পঞ্চায়তৰ অসম অৰুণাচল সীমাবদ্ধ বৰডুমচালৈ যোৱাৰ মুল পথ হোৱা বাবে দীৰ্ঘদীনিয়া দাবী আছিল উক্ত পথছোৱা নিৰ্মাণৰ। কিন্তু স্থানীয় ৰাইজে যি ধৰনে পথছোৱা নিৰ্মাণৰ আশা কৰিছিল ঠিকাদাৰ গৰাকীয়ে তেনে নকৰি অধিক মুনাফা লাভৰ অংকত পথছোৱা নিৰ্মাণত ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে ঠিকাদাৰ গৰাকী।আজি নিৰ্মীয়মান পথছোৱা তিনিচুকীয়াৰ অভিযন্তা প্ৰণৱ বৰাই পথছোৱা নিৰ্মানত খেলিমেলি হোৱা কথা ৰাইজৰ আগত স্বীকাৰ কৰে। স্থানীয় ৰাইজৰ দাবী পথছোৱা নিৰ্মাণত থকা ঠিকাদাৰ ৰাম স্বৰূপ য়াদৱৰ অনুজ্ঞা পত্ৰ বাতিল কৰিবলৈ দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: