অসমমিজোৰাম

মিজোৰামত আকাল! অসমৰ অৰ্থনৈতিক অৱৰোধৰ ফলত নাটনি চিকিৎসাজনিত সামগ্ৰী আৰু ভেকচিন

অসমৰ পৰা মিজোৰামলৈ যিকোনো সামগ্ৰী পৰিবহণ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই, মিজোৰামত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীকে ধৰি বিভিন্ন সামগ্ৰী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। এই অৱৰোধ শেষ কৰিবৰ বাবে জৰুৰী পদক্ষেপ ল’বলৈ অনুৰোধ জনাই ড° আৰ থাংলিয়ানাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ পত্ৰ লিখিছিল।

আনকি যোৱা সপ্তাহত আন্তঃৰাজ্যিক সীমান্তত নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা উত্তেজনা হ্ৰাস কৰিবলৈ দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সন্মত হোৱাৰ পিছতো মিজোৰামৰ স্বাস্থ্যমন্ত্ৰী আৰ লালথানগ্লিয়ানাই তেওঁৰ ৰাজ্যৰ অৰ্থনৈতিক অৱৰোধ অব্যাহত ৰখাৰ বাবে অসমক দোষাৰোপ কৰিছে।

লালথানগ্লিয়ানাৰ মতে, অৱৰোধৰ ফলত ৰাজ্যখনলৈ অত্যাৱশ্যকীয় সামগ্ৰী আৰু চিকিৎসা সামগ্ৰীৰ অনাটন হৈছে। লালথানগ্লিয়ানাই আইএএনএছক কয় যে “আনকি যুদ্ধৰ সময়ত শত্ৰু ৰাষ্ট্ৰসমূহেও চিকিৎসা সামগ্ৰী যুদ্ধৰেখাৰ মাজেৰে যাবলৈ অনুমতি দিয়ে।”

তেওঁ কয় যে- “যোৱা সপ্তাহৰ সীমান্ত সংঘৰ্ষৰ পিছত এই অৱৰোধে জীৱন ৰক্ষাকাৰী ঔষধ, বিশেষকৈ ক’ভিড বিৰোধী ঔষধ, অক্সিজেন চিলিণ্ডাৰ, অক্সিজেন প্ৰকল্পৰ অতিৰিক্ত সামগ্ৰী আৰু পৰীক্ষাৰ কিটৰ তীব্ৰ অভাৱ দেখা দিছে।

ই কেৱল আমাৰ গণ স্ক্ৰীণিংত প্ৰভাৱ পেলোৱাই নহয়, আমাৰ ৰোগীসকলৰ চিকিৎসাৰ ওপৰতো প্ৰভাৱ পেলাইছে।” স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়‌- “মিজোৰামে অৱশ্যে বিমানেৰে ভেকছিন আনি প্ৰদানৰ ব্যৱস্থা কৰি আছে।”

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: