অসম

মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰে সংঘৰ্ষত নিহত হোৱা অসম আৰক্ষীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি হিন্দু যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ

সংবাদদাতা, শিৱসাগৰঃ স্বৰাজ্যৰ সীমা ৰক্ষা কৰিবলৈ গৈ মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ আক্ৰমণত শ্বহীদ বৰণ কৰা অসম আৰক্ষীৰ ৬ গৰাকী জোৱানৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে অসম আৰক্ষীৰ আহত জোৱান সকলৰ আশু আৰোগ্য কামনা কৰি আজি হিন্দু যুৱ পৰিষদ,

অসমৰ শিৱসাগৰ জিলা সমিতিয়ে শিৱসাগৰ নগৰৰ শিৱদৌল সমীপত বন্তি প্ৰজ্বলন কৰে ৷ বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত হিন্দু যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিৰিঞ্চি গোঁহাই, সাংগঠনিক সম্পাদক দেৱাশীৰ্ষ গগৈ, সুজিত গগৈ,

সমাজকৰ্মী মনোজ কুমাৰ গগৈ আদিৰ লগতে স্থানীয় বহু কেইগৰাকী লোক উপস্থিতিত থাকে।‌বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত হিন্দু যুৱ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিৰিঞ্চি গোঁসায়ে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় গৃহ বিভাগক অতি শীৰ্ঘে অসমৰ আন্তৰাজ্যিক সীমা বিবাদৰ সমস্যাৰ নিষ্পত্তি কৰিবলৈ আহ্বান জনায়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: