অসম

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ভাৰতীয় শিক্ষণ মণ্ডলৰ সাহায্য

সংবাদদাতা, বৰপেটা : ভাৰতীয় শিক্ষণ মণ্ডল, অসম প্ৰান্তৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ যোৱাকালি (১৩ জুনত) এক লাখ এক হাজাৰ, বাৱন্ন (১০,১,০৫২/-) টকা আগবঢ়োৱা হয়। এই টকাৰ চেকখন অসমৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পন কৰে ভাৰতীয় শিক্ষণ

মণ্ডলৰ উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ে। ইয়াৰ লগত উত্তৰ অসম প্ৰান্তৰ দ্বাৰা প্ৰকাশিত বাৰ্ষিক আলোচনীসহ দুখন কিতাপৰ টোপোলা আগবঢ়ায় ভাৰতীয় শিক্ষণ মণ্ডলৰ উপদেষ্টা ড° বিভাস চন্দ্ৰ দাস পুৰকায়স্থ আৰু প্ৰান্তীয় কোষাধ্যক্ষ

ড° গৌৰী শংকৰ কৰ্মকাৰে। আৰু মুখ্যমন্ত্ৰীক ফুলাম গাগোছাৰে প্ৰান্তীয় অনুসন্ধান প্ৰকোষ্ঠ প্ৰমুখ ড° যোগেশ কাকতিয়ে সম্বৰ্ধনা জনায় বুলি এক  প্ৰেছ বিবৃতিযোগে ভাৰতীয় শিক্ষণ মণ্ডলৰ উত্তৰ অসম প্ৰান্তৰ সভাপতি ড° নীলমোহন ৰায়ে জানিবলৈ দিয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: