অসম

মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ এক লাখ পঞ্চাশ হাজাৰ টকাৰ অনুদান

সংবাদদাতা, ৰঙিয়া : দিছপুৰ জনতা ভৱনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যলয়ত উপস্থিত হৈ ক’ভিড-১৯ মহামাৰীৰ দ্বিতীয়টো ঢৌৰ প্ৰতিৰোধৰ বাবে “মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই এক লাখ পঞ্চাশ হাজাৰ টকা বৰঙণি আগবঢ়ায়।

মানৱ জাতিৰ এই দুৰ্যোগৰ সময়চোৱাত “মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজি” অথবা “অসম আৰোগ্য নিধি”লৈ কিছু দান বৰঙণি আগবঢ়ায় কʼভিদৰ বিৰুদ্ধে চলাই নিয়া যুজখন সফল কৰাত চৰকাৰখনক সহযোগ আগবঢ়োৱাৰ বাবে আহ্বান জনাই ৰঙিয়া সমষ্টিৰ বিধায়ক গৰাকীয়ে। তেখেতৰ এই পদক্ষেপক সমষ্টিবাসীয়ে আদৰণি জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: