ৰাষ্ট্ৰীয়

মৃত্যুৰ পিছতো বিড়ম্বনা! দুৰ্ঘটনাত পতিত বিপিন‌ ৰাৱটৰ মৃতদেহ কঢ়িয়াই নিয়া বাহন

তামিলনাডুত হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হোৱা ভাৰতৰ সশস্ত্ৰ বাহিনীৰ প্ৰতিৰক্ষা প্ৰধান (চিডিএছ) জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকাৰ অন্তিম সংস্কাৰ শুকুৰবাৰে সম্পন্ন হ’ব। ৰাৱাট, মধুলিকা আৰু সকলো প্ৰাণহীনৰ মৃতদেহ মাদ্ৰাজ ৰেজিমেণ্ট কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ পৰাই ৰাৱট আৰু মধুলিকাৰ নশ্বৰদেহ সম্ভৱতঃ দিল্লীলৈ প্ৰেৰণ কৰা হ’ব। ইয়াৰ মাজতে, তথ্য আহিছে যে ৰাৱাটসহ ১৩ জনৰ মৃতদেহ কঢ়িয়াই নিয়া এখন এম্বুলেন্স দুৰ্ঘটনাত পতিত হৈছে। মৃতদেহ কঢ়িয়াই অনা এম্বুলেন্সখনে ৰাজপথৰ সমুখৰ এটা পাহাৰত খুন্দা মাৰি দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত কেইবাজনো আৰক্ষী আহত হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: