অসম

মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন

সংবাদদাতা, মানকাচৰ:- মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আজি পুৱা ৰাজ্যখনৰ ৰাজধানী শ্বিলঙৰ পৰা হেলিকপ্টাৰযোগে দিনৰ প্ৰায় ১১ বজাত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰত আহি উপস্থিত হয়। মুখ্য ন্যায়াধীশ বিশ্বনাথ ছামাদাৰ মানকাচৰৰ কামাখ্যাবাৰী হেলিপেডত অৱতৰণ কৰি ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা বিএছএফ কেম্পত উপস্থিত হয়। তাৰ পৰা পোনে পোনে ভাৰত-বাংলাদেশ সীমান্তৰ

কাইঁটীয়া তাঁৰৰ বেৰা পৰিদৰ্শন কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় সীমান্তৰ সাহাপাৰা গেটেৰে বাংলাদেশ সীমান্তৰ জিৰো লেণ্ডত গৈ বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ সৈতে সাক্ষাৎ কৰে। বৰ্ডাৰ গাৰ্ডক ভাৰতৰ ফালৰ পৰা মুখ্য ন্যায়াধীশ গৰাকী নিজে সম্বৰ্দ্ধনা জনায়।বাংলাদেশ সীমান্তৰ পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও কাইটীয়া তাঁৰৰ সিপাৰে থকা ভাৰতৰ ভূমিত কৃষকে কেনেকৈ খেতি বাতি কৰে সেই সম্পৰ্কে বিএছএফৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্য ন্যায়াধীশ গৰাকীয়ে আলোচনা কৰে।

সীমান্তৰ খুটা, কাইটীয়া তাৰৰ বেৰ আদি পৰিদৰ্শন কৰি মুখ্য ন্যায়াধীশ গৰাকী সাহাপাৰা বিএছএফ কেম্পত কিছু সময় জিৰণী লোৱাৰ পিছত লঘু আহাৰ গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ গৰাকীৰ এই ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কাৰ্যসূচীত মেঘালয়ৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এইচ. এছ ঠাংখীউ, হাই কৰ্ডৰ বিচাৰক ডব্লিউ খাইলেপ বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিএছএফৰ ডি.আই.জি জে চি নায়াক,

দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী অধীক্ষক সুবোধ সোনোৱাল, অতিৰিক্ত আৰক্ষী অধীক্ষক সত্যৰঞ্জন শইকীয়া, অতিৰিক্ত উপায়ুক্তা লক্ষ্মী কুটুম এই কাৰ্যসূচীত উপস্থিত থাকে। মুখ্য ন্যায়াধীশ গৰাকী দিনৰ প্ৰায় ১২ বজাত সাহাপাৰা বিএছএফ কেম্পৰ পৰা কামাখ্যাবাৰী স্থিত হেলিপেডত উপস্থিত হয় আৰু তাৰ পৰা হেলিকপ্টাৰযোগে শ্বিলংলৈ ৰওনা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: