নিবন্ধ

বহনক্ষম ভৱিষ্যতৰ শংকৰীকলা কৃষ্টি ঐতিহ্যময় মেজেঙা চাহ বাগিছাৰ এটি আলোকপাত

জ্যোতিকৃষ্ণ ৰাও

অসমীয়া জাতিৰ মুলসূঁতিৰ চিৰ চেনেহী ভাষা সাহিত্যৰ সংষ্কৃতিৰ এক প্ৰধান অংগস্বৰূপ হৈছে চাহ জনগোষ্ঠীসকল৷ অসমৰ ৮৫৫খন চাহ বাগিছাৰ ভিতৰত যোৰহাট জিলাৰ তিতাবৰৰ এক ব্যতিক্ৰমী চাহ বাগিছা হৈছে মেজেঙা চাহ বাগিছা৷ মেজেঙা চাহবাগিছাৰ ইতিহাস বুৰঞ্জীমূলক৷ পূৰ্বতে ব্ৰিটিছৰ সমসাময়িক কালছোৱাত নিৰ্মিত এইবাগিছাখনতে বহুতো সানিধ্য ব্যক্তি আছিল৷ তাৰে ভিতৰত অন্যতম এজন আছিল এসময়ত অসম চৰকাৰৰ প্ৰাক্তন শ্ৰম মন্ত্ৰী গজেন তাঁতী৷ পূৰ্বৰে পৰা চলি অহা যাগ যজ্ঞ – বলিবিধান আদি সংস্কৃতিৰ সলনি হৈছিল স্বাধীনতাৰ প্ৰাগ মুহূৰ্তৰ পৰা৷

১৯৫৫ চনত জন্ম হৈছিল চিৰ নমস্য জগতগুৰু শংকৰদেৱৰ আৰ্দশৰ একশৰণ হৰি নামধৰ্মৰ প্ৰচাৰ৷ তেতিয়াই জন্ম হয় মেজেঙা চাহ বাগিছাত শংকৰী কৃষ্টি৷ এক গৱেষণা ভিওিক তথ্য অনুসৰি বিশ্লেষণ কৰি পাওঁ ১৯৬৯ চনৰ কথা৷ তেতিয়া অশেষ কষ্ট আৰু ত্যাগৰ ভিওিত সৰুপোনা কুৰ্মী আৰু সেই সময়ৰ বাগিছা সংঘৰ সাধাৰণ সম্পাদক আপানা ৰাওৰ দৰে বহুতো ব্যক্তিৰ অশেষ ত্যাগৰ পাছত মেজেঙা চাহবাগিছাত জন্ম হয় গুৰুজনাৰ অভূতপৰ্ব সৃষ্টিৰ একঅংশ স্বৰূপ নামঘৰ৷ এই নামঘৰৰ কলা কৃষ্টিৰ আৰ্দশগ্ৰহণ কৰাৰ পাছত গাওঁখনত বহনক্ষমবিপ্লৱৰ সূচনা হ’ল৷ বিপ্লৱৰ পাছত মেজেঙা চাহ বাগিচাত ইতিহাসৰ সানিধ্যত প্ৰগতিৰ জোৱাৰ আৰম্ভ হৈছিল ১৯৮৫ চনৰ অসম আন্দোলনৰ পাছত৷ যাৰ সান্নিধ্যই মেজেঙা চাহ বাগিছাক প্ৰগতিময় বৈচিএ্যময়- গাওঁ হিচাপে গঢ়ি তোলাত বহুতো ব্যক্তিয়ে অৰিহনা আগবঢ়াইছিল৷

তাৰ ভিতৰত আছিল অসমৰ এজন বিশিষ্ট ব্যৱসায়ী তথা ৰাজনীতিবিদ প্ৰাণ কুৰ্মীদেৱ, তিতাবৰৰ বিশিষ্ট সামজকৰ্মী তথা এজন সৎআৰ্দশবান ব্যৱসায়ী শিৱৰাম কুৰ্মীদেৱ আৰু বাগিছাৰ অভিভাৱকস্বৰূপ এজন সৎ নিষ্টাৱান অসম চাহ মজদুৰ সংগৰ তিতাবৰ শাখাৰ বৰ্তমানৰ সাধাৰণ সম্পাদক কুৰ্মীদেৱ৷ এইখন বাগিছাৰে সুযোগ্য সন্তান সমদ্ধিশালী তথা যুক্তিকলাৰেই পাৰ্গত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ শাখাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা শ্ৰীমন্ত শংকৰদেৱৰ মূলৰ সদস্য তথা প্ৰচাৰক প্ৰদীপকুৰ্মীৰ দৰেই সবল ব্যক্তিৰ নেতৃত্বত জন্ম হয় আজিৰ মেজেঙা চাহবাগিছা৷ বহনক্ষম তথা বিজ্ঞানসন্মত এই বিশ্বায়ণৰ যুগত বিচিএ্যৰ মাজত ঐক্যৰ প্ৰগতিৰ বিপ্লৱৰ সূচনা হ’ল তাহানিৰ পৰা৷ বৰ্তমান সময়ত ৮০০ মানুহৰ সমদ্ধি বাগিছাখনৰ প্ৰাসংগিকতা সলনি হৈছে এক শৰণ হৰি নাৰ্ম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছত৷

এই শংকৰী কলাকৃষ্টিৰ বিপ্লৱেই মেজঙা চাহ বাগিছাৰ শিক্ষা, সংস্কৃতিময় ৰাজনৈতিক, নৈতিক তথা অৰ্থনৈতিক প্ৰেক্ষাপটত এক নতুন দিগন্তৰ সূচনা কৰিলে৷ এনে প্ৰেক্ষাপটত মেজেঙা চাহ বাগিছাত আয়োজন হ’বলৈ গৈ আছে ঊণবিংশতম শংকৰদেৱ সংঘৰ জিলা অধিবেশণ৷ আমি বহুতো আশাবাদী পহিলা ২০২২ বৰ্ষৰ জানুৱাৰীত হ’ব লগা অনুষ্ঠানটিৰ পাছত মেজেঙাত জন্ম হ’ব আৰু নতুন প্ৰগতিৰ জোৱাৰ

Show More

Leave a Reply

Your email address will not be published.

Back to top button