অসম

মেট্ৰিক উত্তীৰ্ণৰ বাবে ফেল’শ্বিপ

সংবাদদাতা, বৰহোলা:- অধ্যায় হ’ল এটা দাঁতব্য সংস্থা, যি উত্তৰ-পূব ভাৰতৰ যুৱ দক্ষতা আৰু শিক্ষাৰ বিকাশৰ লগতে আৰ্থিক স্বচ্ছতাৰ ওপৰত কাম কৰে। এই দাঁতব্য সংগঠনৰ “লুইত ফেল’ আঁচনিৰ যোগেদি অসমৰ আর্থিকভাৱে পিছপৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ২০১৬ চনৰ পৰা দুবছৰৰ বাবে ফেল’শ্বিপ প্ৰদান কৰি আহিছে।

এই বৃত্তিৰ মুখ্য উদেশ্য হ’ল আৰ্থিক সহায়ৰ লগতে এজন অভিজ্ঞতা সম্পন্ন সহায়ক আৰু পৰামৰ্শদাতাৰ লগত যুক্ত কৰি ভৱিষ্যতে সমাজৰ এজন আদৰ্শ ব্যক্তি হিচাপে যাতে নিজকে পৰিগণিত কৰিব পাৰে আৰু সমাজৰ এজন নেতৃস্থানীয় সফল মানুহ হব পাৰে আৰু যিয়ে ভৱিষ্যত সমাজক এক ইতিবাচক বৰঙণি যোগাব পাৰিব।

বৰ্তমানলৈকে এই আঁচনিৰ অধীনত ৪২জন ছাত্ৰ ছাত্ৰীক ফেল’শ্বিপ প্ৰদান কৰা হৈছে। ফেল’শ্বিপৰ টকা শিক্ষাৰ্থী গৰাকীৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি প্ৰদান কৰা হয়। এই বছৰো ‘লুইত ফেল’ৰ অধীনত  অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা আর্থিকভাৱে দুৰ্বল মেধাৱী ছাত্ৰ-ছাত্ৰীৰ পৰা ফেল’শ্বিপৰ বাবে আবেদন আহ্বান কৰা হৈছে।

আবেদন কৰাৰ বাবে ছাত্ৰজনৰ নূন্যতম নম্বৰ ৯০% ৰ ওপৰত হ’ব লাগিব আৰু তেওঁ চৰকাৰী বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হোৱাৰ লগতে আর্থিকভাৱে পিছপৰা পৰিয়ালৰ হব লাগিব। বিশেষ জানিবৰ বাবে www.luitfellows.org নাইবা ফেচবুকৰ Luit Fellows পেজ চাব পাৰে আৰু ৯১০১০৯৬৩০৪ নম্বৰত যোগাযোগ কৰিব পাৰে নাইবা info@adhyaya.org ত মেইল কৰিব পাৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: