অসম

মেধাৱী ছাত্ৰীক ট্ৰ’ল কৰা সকলৰ‌ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ

ষ্টাফ ৰিপ’ৰ্টাৰ:- ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ নিৰ্দেশত অভিনৱ মূল্যাংকন পদ্ধতিৰে এইবাৰ চেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ‌ ফলাফল। এই পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মাজুলীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে

কেমেৰাৰ সন্মুখত অজানিতে কোৱা কেইটামান শব্দক লৈ সামাজিক মাধ্যমত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ এচামে ছাত্ৰীগৰাকীক তুচ্ছ-তাচ্ছিল্য কৰি মানসিকভাৱে অত্যাচাৰ কৰাও পৰিলক্ষিত হৈছে। ৯৯ শতাংশৰে উত্তীৰ্ণ হোৱা মাজুলীৰ নিহাৰিকা মহন্ত

(Niharika Mahanta) নামৰ ছাত্ৰীগৰাকীক সামাজিক মাধ্যমত যিধৰণে তুচ্ছ-তাচ্ছিল্য কৰা হৈছে, সেই বিষয়ক গুৰুত্ব সহকাৰে লৈ শিৱসাগৰৰ নৱ উদিত সমাজ (Nava Uddit Somaj)য়ে দেওবাৰে আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: