অসম
মেৰাপানীত উদ্ধাৰ গুৱাহাটীত চুৰি হোৱা বলেৰ’

সংবাদদাতা, মেৰাপানী:- আজি অসম-নগালেণ্ডৰ মেৰাপানী সীমান্তত গুৱাহাটীৰ পৰা চুৰি হোৱা এখন ব’লেৰ বাহন উদ্ধাৰ হয়।গাড়ীৰ নম্বৰ সলনি কৰি আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰই উক্ত বাহনখন মেৰাপানী সীমান্তয়েদি নগালেণ্ডলৈ সৰবৰাহৰ চেষ্টা চলাওঁতেই মেৰাপানী আৰক্ষী, চি আৰ পি এফ আৰু নগালেণ্ড আৰক্ষীয়ে যুটীয়া অভিযান চলাই বলেৰ’খন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমানে মেৰাপানী আৰক্ষীৰ জিম্মাত থকা বলেৰ’খনৰ নম্বৰ AS01ES0011। উল্লেখ্য যে, দিছপুৰ থানাত ১২৭/২২ নম্বৰত পঞ্জীয়নভূক্ত এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বলেৰ’খন জব্দ কৰে যদিও ঘটনা সন্দৰ্ভত কোনো লোককে আটক কৰিবলৈ সক্ষম হোৱা নাই।