অসম

মেৰাপানীত “প্ৰয়াত লাৱণ্য বৰবৰা সোঁৱৰণী কুইজ প্ৰতিযোগিতা”

সংবাদদাতা, মেৰাপানী:- সৰস্বতী পূজাৰ জাকজমকতাৰ বিপৰীতে জাতীয় বিদ্যালয় মেৰাপানীত আজি অনুষ্ঠিত হয় “প্ৰয়াত লাৱণ্য বৰবৰা সোঁৱৰণী কুইজ প্ৰতিযোগিতা”। কুইজ পৰিচালনা কৰে ফৰকাটিং মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ প্ৰৱক্তা শৰত চেতিয়া আৰু ডি.আৰ.কলেজৰ ছাত্ৰ প্ৰাচুৰ্য্য বৰবৰাই। তিনিটা শাখাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ‘ক’ শাখাত শ্ৰেষ্ঠ দল – চতুৰ্থ শ্ৰেণীৰ স্পন্দন সোণোৱাল আৰু নীৰৱ গগৈ, ‘খ’ শাখাত শ্ৰেষ্ঠ দল – সপ্তম শ্ৰেণীৰ পূৰ্ণাঙ্গ পল্লৱ আৰু দ্বীপ দাস, ‘গ’ শাখাত শ্ৰেষ্ঠ দল – অষ্টম শ্ৰেণীৰ মিনহাজ আহমেদ আৰু আস্থাজিতা গগৈ য়ে। চলন্ত ট্ৰফি, প্ৰশংসা পত্ৰ আৰু নগদ ধনেৰে পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকল, দৈয়াং মহাবিদ্যালয়ৰ প্ৰৱক্তা অজিত শইকীয়া, গোলাঘাটৰ বিশিষ্ট উদ্যোগী যুৱক ইন্দ্ৰজিত বৰবৰা আৰু প্ৰয়াত লাৱণ্য বৰবৰাৰ পৰিয়ালবৰ্গ উপস্থিত থাকে। বিদ্যালয়ৰ অধ্যক্ষা ৰূপা শইকীয়াই উপস্থিত সকলোৰে শলাগ লয়, বিশেষকৈ আজিৰ দিনটোত সোঁতৰ বিপৰীতে বিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি উপস্থিত থকা সকলো ছাত্ৰ-ছাত্ৰীক ভূয়সী প্ৰশংসা কৰে

Show More

Leave a Reply

Your email address will not be published.

Back to top button