অসম

মেৰাপানীৰ পঞ্জাৱ নেচনেল বেংকত অৰাজকতা

গ্ৰাহকক সুবিধা দিয়াত ব্যৰ্থ বেংক কৰ্তৃপক্ষ, মাহত বেছি সময়ে বন্ধ থাকে এটিম

সংবাদাতা, মেৰাপানী:- বৃহত্তৰ দৈয়াং অঞ্চলৰ একমাত্ৰ ৰাষ্ট্ৰীয়কৃত বেংক হিচাপে থকা পঞ্জাৱ নেচনেল বেংকৰ মেৰাপানী শাখাৰ নিম্নমানৰ সেৱাই বেংকটোৰ গ্ৰাহক সকলক জ্বলাকলা খুৱাইছে। অভিযোগ অনুসৰি বেংকটোৰ কৰ্মচাৰী সকলে গ্ৰাহক সকলক নতুন একাউণ্ট খোলা, কে ৱাই চি আপডেট, ৰেকাৰিং ডিপজিটৰ মেচিউৰিটি ধন পোৱাত বিলম্ব হোৱাৰ আদিৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে। বিশেষকৈ শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে জাৰী কৰা নিৰ্দেশনা অনুসৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰে বেংক একাউণ্ট বাধ্যতামূলক কৰি বিভাগত জমা দিয়াৰ নিৰ্দেশ দিছিল যদিও মেৰাপানীস্থিত পঞ্জাৱ নেচনেল বেংকটোৰ প্ৰবন্ধক আৰু কৰ্মচাৰীৰ হেমাহীৰ বাবেই মাহ মাহ ধৰি লাভ কৰা নাই একাউণ্ট নম্বৰ।

যাৰফলস্বৰূপে এতিয়া শিক্ষাৰ্থী সকলে বিভিন্ন চৰকাৰী সুবিধাৰ পৰাও বঞ্চিত হ’ব লগা হৈছে। ইফালে বেংকটোত গ্ৰাহক সকলে একাউণ্টৰ কে ৱাই চি আপডেটৰ নামত দিনৰ পাছত দিন ধৰিও আপডেটৰ নথি পত্ৰ জমা দি বাটচাব লগাত পৰিছে। তদুপৰি বেংকটো স্থাপনৰ ক্ষেত্ৰতো কোনো পাৰ্কিঙৰ ব্যৱস্থা নথকাকৈ মেৰাপানীৰ জনসমাগম তথা যানযট সৃষ্টি হোৱা তিনিআলিৰ অতিকে সৰু ঠাইত থকাৰ বাবেও দৈনিক ভিৰ হোৱা গ্ৰাহক সকল ৰ’বলৈও ঠাই নোহোৱা হৈছে। অতি ঠেক আৰু সীমিত স্থানত বেংকটো স্থাপন কৰাৰ বাবে ক’ৰোনাকালীণ পৰিস্থিতিটো গ্ৰাহক সকলে অত্যধিক ভিৰৰ মাজত বাটেপথে ৰ’দ বৰষুণত ঠিয় হৈ বেংকৰ জৰুৰী লেনদেন সমাপন কৰিব লগা হৈছে। অন্যহাতে, বেংকটোত গ্ৰাহকে জমা দিয়া বিভিন্ন শিতানৰ চেকৰ ধন মুকলিৰ ক্ষেত্ৰতো বেংক কৰ্তৃপক্ষৰ চুড়ান্ত হেমাহীৰ বাবেই চেক জমা দিয়া দুটামাহৰ পাছতো ধন মুকলাই দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে।

বেংকটোৰ এগৰাকী নিয়মীয়া গ্ৰাহকে অভিযোগ কৰা অনুসৰি, তেওঁ মুখ্যমন্ত্ৰী সাহায্য নিধিৰ পৰা লাভ কৰা পাঁচ হাজাৰ টকাৰ এখন চেক বেংক কৰ্মচাৰীৰ ভুলৰ বাবেই চৰকাৰী ধনৰ চেক ৯০ দিনৰ ম্যাদ উকলাৰ পাছতহে ঘূৰাই পালে যদিও চেকৰ ধন এটকাও বেংক একাউণ্টত জমা নহ’ল। বেংকটোৰ সেৱাৰ ক্ষেত্ৰত গ্ৰাহকে এনে কেতবোৰ অভিযোগ দাখিল কৰাৰ পাছতো কৰ্তৃপক্ষই বিভিন্ন ব্যস্ততা দেখুৱাই চৰকাৰী আঁচনিৰ বিভিন্ন হিতাধীকাৰীৰ ধন মুকলিৰ ক্ষেত্ৰতো গ্ৰাহক সকলক বিভিন্ন অজুহাত দেখুৱাই তাঁতবাতি কৰোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। ইয়াৰোপৰি, বেংকটোৰ লগতে সংলগ্ন থকা একমাত্ৰ এটিএমটো মাহটোৰ বেছি ভাগ দিনতেই বিকল হৈ থকাত দুৰ্ভোগ ভুগি আহিছে উপভোক্তা সকলে। এই ক্ষেত্ৰত বেংকটোত উদ্ভৱ হোৱা বিভিন্ন সমস্যা সমূহ শীঘ্ৰেই সমাধান কৰি গ্ৰাহক সকলক উৎকৃষ্ট সেৱা প্ৰদান কৰিবলৈ উৰ্ধতম কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: