অসম

মেৰাপানী কৃষকেও শুনিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰকৃতিক কৃষি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলৰ উদ্বোধনী ভাষণ

সংবাদদাতা, মেৰাপানী:- কৃষিপ্ৰধান দেশ ভাৰতবৰ্ষৰ জনগণক প্ৰাকৃতিকগতভাৱে কৰা কৃষিৰে নিৰোগী কৰি ৰখাৰ লক্ষ‍্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তিনিদিনীয়াকৈ গুজৰাটৰ আনন্দত অনুষ্ঠিত কৰিছে প্ৰাকৃতিক কৃষি বিষয়ক ৰাষ্ট্ৰীয় সন্মিলন। উক্ত সন্মিলনৰ লগত সংগতি ৰাখি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰাকৃতিক কৃষিৰ প্ৰতি কৃষকক আগ্ৰহী কৰিবলৈ টেলিগ্ৰাচ যোগে সম্প্ৰচাৰ কৰা উদ্বোধনী ভাষণ ভাৰতীয় জনতা পাৰ্টী কিষাণ মৰ্চা গোলাঘাট জিলাৰ গমাৰি মণ্ডলৰ উদ্যোগত মেৰাপানীৰ পুলিবাগন ৰঙ্গমঞ্চত কিষান মৰ্চাই ভাষণ কৃষক সকলক টেলিগ্ৰাচযোগে শ্ৰৱণ কৰাই। গমাৰিগুৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত এঘাৰখন পঞ্চায়তৰ প্ৰায় ডেৰশতাধিক কৃষক উপস্থিত থকা উক্ত কাৰ্যসূচীত কিষান মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিৎ বৰা, গোলাঘাট জিলা কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰ্ণিমা চক্ৰৱতী, সম্পাদক সঞ্জু কৌশিক, ভাৰতীয় জনতা পাৰ্টী জিলা সম্পাদক ধৰ্মেশ্বৰ সোণোৱাল, পোনা, জিলা সদস্য পৰাগ ৰাজবংশী, সোণোৱালী কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু সোণোৱাল, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য মহেন্দ্ৰ ঠেঙাল, ১২নং দৈয়াং জিলা পৰিষদৰ সদস্য অৰুণ ৰাজবশ, গমাৰি মণ্ডলৰ কিষান মৰ্চাৰ সভাপতি সুনীল বৰুৱা, সাধাৰণ সম্পাদক অনন্ত বসুমতাৰী, গমাৰিগুৰি বিজেপি মণ্ডল সভাপতি নীৰঞ্জন সন্দিকৈ, গমাৰিগুৰি উন্নয়ন খণ্ডৰ আঞ্চলিক পঞ্চায়ত সভাপতি কেশৱ শইকীয়া, মিত্ৰ দলৰ অগপৰ সমষ্টিৰ সম্পাদক দিলীপ গগৈ, পোনা দাস, বিশ্ব পেগু আদি উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: