অসম

মেৰাপানী জাতীয় বিদ্যালয়ৰ ছাত্ৰ সংসদৰ নৱবৰ্ষৰ পদক্ষেপঃ পৰিৱেশ নিকাকৰণৰ সংকল্প

সংবাদদাতা, মেৰাপানী:- ইৰাংজী নৱবৰ্ষৰ পহিলা দিনতোতে ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিলে মেৰাপানী জাতীয় বিদ্যালয়ৰ ছাত্ৰ সংসদে। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰী আৰু কৰ্তৃপক্ষৰ সহযোগত ছাত্ৰ সংসদে আজি পৰিৱেশ সজাগতা সম্পৰ্কত বিশেষ কাৰ্যসূচী গ্ৰহণ কৰি সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰাৰ লগতে পৰিৱেশৰ সচেতনাৰ প্ৰতি সদা জাগ্ৰত হৈ থকাৰ সংকল্প গ্ৰহণ কৰে। ছাত্ৰ-ছাত্ৰীসকলে পুৱা ৮ বজাৰ পৰা পৰিৱেশ পৰিষ্কাৰকৰণ আৰু সজাগতা কাৰ্যসূচী, আজি ২০২২ বৰ্ষৰ পহিলা দিনটোততে এক ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈ বিভিন্ন বেনাৰ পোষ্টাৰ হাতত লৈ শোভাযাত্ৰা বাহিৰ কৰাৰ লগতে স্থানীয় গমাৰী বজাৰৰ বাট পথ, বিভিন্ন বিদ্যালয়ৰ চৌহদ আদি নিকাকৰণ কৰি সকলোকে পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগ হোৱাৰ আহ্বান জনায়। নৱবৰ্ষৰ দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ এনে পৰিৱেশ সচেতনতামূলক কাৰ্যসূচীত বিভিন্নজনে ভূয়সী প্ৰশংসা কৰা পৰিলক্ষিত হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: