সময়ৰ কলম

মোৰ এলবামটো

হেমন্ত ডেকা,নলবাৰী

মোৰ এলবামটো
মোৰ অতীত পৰিচয়
এলবামটোত সুমুৱাই আছে
মোৰ যাযাবৰী সময়
আৰু পাৰ হৈ যোৱা বসন্তৰ
বুকুভৰা মধুৰ সোঁৱৰণ
এলবামটো চাই পাৰ কৰে
বহুজনে বিৰক্ত সময়
এলবামটোৱে সোঁৱৰায়
কেনেকৈ সাগৰৰ লহৰত
উটি আহে সুখৰ ধল
শিলৰ নদীত  দিয়া খোজ
মহা আনন্দৰ বালিভোজ
বুৰঞ্জীকলীয়া ৰজাঘৰীয়াৰ
সুনিপুন শৈল ভাস্কর্য্য
চালে চকু ৰোৱা
ৰংঘৰ ,কাৰেংঘৰ
সাঁচতীয়া মোৰ পুৰণি এলবামটোত
মোৰ এলবামটোৱেই কাজিৰঙা
মোৰ এলবামটোৱেই পৱিতৰা
এলবামটোতে ফুলি আছে
পূবৰ আকাশৰ খোৰোঙত
ৰঙা বেলিৰ জন্মৰ বতৰা
তুমি আৰু মই
একেই হোৱাৰ দিনা
এলবামটোতে লুকাই আছে
মোৰ জন্ম আৰু বিবাহ
এদিন হয়তো মই নজনাকৈয়ে
শুই থাকিম এই এলবামটোত
আৰু বহুতে পাৰ কৰিব অশান্ত সময় I

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: