অসম

মৎস্য খেতিৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস এজন যুৱকৰ

সংবাদদাতা, টিংখাঙ:- বৰ্তমান সময়ত এটা ডাঙৰ সমস্যা হ’ল নিবনুৱা সমস্যা। বহুতো শিক্ষিত যুৱকযুৱতীয়ে এটি চৰকাৰী চাকৰিৰ অভাৱত নিবনুৱা হৈ ঘৰতে হাত সাৱটি বহি থাকিব লগীয়া হৈছে৷ দিনক দিনে হাজাৰ হাজাৰ শিক্ষিত যুৱকযুৱতী ওলাই আহিছে কিন্তু তাৰ বিপৰীতে চৰকাৰী চাকৰিৰ পদ এপাচি শাকত এটা জলকীয়াৰ দৰে৷ তাৰ মাজতে বহুতো শিক্ষিত যুৱকযুৱতীয়ে বাছি লৈছে কিছুমান স্বনিৰ্ভৰশীলতা পথ৷

আজি আমি তেনে এগৰাকী স্বনিৰ্ভৰশীল হবলৈ প্ৰয়াস কৰা যুৱকৰ কথা ক’বলৈ লৈছো। যুৱকজন হৈছে টিংখাং সমষ্টিৰ গাতে লাগি থকা নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত পানীবুৰা চকলীয়া গাৱৰ উদীয়মান যুৱক নিতুল চেতিয়া। চৰকাৰী চাকৰিৰ আশা এৰি প্ৰথমে ব্যৱসা্য় আৰম্ভ কৰি এখন দোকানেৰে আৰম্ভ কৰিছিল যাত্ৰা। আৰু এই যাত্ৰা আৰম্ভ কৰাৰ পাছতেই নিতুলে প্ৰায় ২৫/২৬ বিঘাৰ পুখুৰী খান্দি আত্মনিৰ্ভৰশীল হবলৈ প্ৰয়াস কৰিছে৷

২৫/২৬ বিঘাৰ পুখুৰীত মৎস্য উৎপাদন কৰি বছৰি লাখ টকা উপাৰ্জন কৰি এতিয়া আন দহ জনকো আত্মনিৰ্ভৰশীল হোৱাত সহায় কৰিছে। নিতুলে মৎস্য উৎপাদনৰ লগতে মৎস্য পোনা ওচৰৰ অঞ্চলটিত সকলোৰে সুবিধাৰ্থে কিছুমান সহযোগিৰ দ্বাৰা অন্য এক ব্যৱস্থাও হাতত লোৱা দেখা গৈছে৷ যাৰ দ্বাৰা নিজৰ লগতে অঞ্চলটিৰ কিছুমান যুৱকেও ব্যৱসায় কৰাৰ এক পথ পাইছে৷ চৰকাৰী চাকৰিৰ অভাৱত নিবনুৱা হৈ ঘৰতে হাত সাৱটি বহি থাকিবলগীয়া হোৱাতকৈ এনেদৰে বহুতো ব্যৱসায় আৰম্ভ কৰি নিবনুৱাসকল স্বনিৰ্ভৰশীলতা হ’ব পাৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: