অসম

মৰঙিত একশৰণ ভাগৱতী সমাজৰ ৪৮ তম্ প্ৰতিষ্ঠা দিৱসত পালন

সংবাদদাতা, গোলাঘাট:- অসমৰ এটি ধৰ্মীয় সংগঠন একশৰণ ভাগৱতী সমাজৰ ৪৮ তম প্ৰতিষ্ঠা দিৱস মৰঙি আঞ্চলিক ভিত্তিত পোৰাজংঘলৰ কৃষ্ণলীলা প্ৰাথমিকত দিনজোৰা কাৰ্যসূচীৰে পালন কৰে। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে এক শৰণ ভাগৱতী সমাজৰ মৰঙি আঞ্চলিকৰ সভাপতি ভৰত দাসে। বৃক্ষৰোপণ কৰে স্থানীয় বয়োজেষ্ঠ ব্যক্তি পোৱাল দাসে। মৰঙী মৌজাৰ ভিন্ন অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰা আধ্যাত্মিক অনুষ্ঠান ভাগত মৰঙী মৌজাৰ ভাগ্যপুৰড় জয়চন্দ্ৰ দাসে লিখা কৈৱৰ্ত্ত জাতিৰ দস্তাবেজ স্বৰূপ “এতেকে কলিত শূদ্ৰ কৈৱৰ্ত্ত প্ৰধান” নামৰ এখনি গ্ৰন্থ উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে কুৰুৱাবাহীৰ বুঢ়াভকত নিৰেন দাসে। লিখক গৰাকীয়ে জানিবলৈ দিয়া মতে গ্ৰন্থখনত কৈৱৰ্ত্ত জাতিৰ বিষয়ে বিশদ ভাৱে উল্লেখ কৰা হৈছে। আৰু উক্ত তথ্য সমূহ বিভিন্ন ধৰ্মীয় গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে। লিখক গৰাকীৰ আশা ৰাইজে আদৰি ল’ব গ্ৰন্থখন।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: