অসম

মৰণক শৰণ দি বিপদসংকুল জীৱন যাত্ৰা অব্যাহত আৱাদীবাসী ৰাইজৰ

সংবাদদাতা, বঙাইগাঁও : বঙাইগাঁও জিলাৰ ৩৪নং অভায়াপুৰী উত্তৰ সমষ্টিৰ পোকালাগী নৈৰ ওপৰত আবাদীত নতুনকৈ নিৰ্মাণ হৈ থকা পকী দলংৰ কাম লেহেমীয়া হোৱাৰ লগতে এসপ্তাহ ধৰি ফুটব্ৰীজ ভাঙি যোৱাত যাতায়তৰ ক্ষেত্ৰত চৰম  দুৰ্ভোগ ভূগিছে ৰাইজ। বাঁহৰ সাকোঁৰ মাজত ভাঙি যোৱাত ওলমি ওলমি

পাৰাপাৰ হ’বলৈ ধৰাত পিছলি পৰি শিৱচৰণ পাটগিৰি, প্ৰবিন পাটগিৰি, মন্তাজ আলী, ঘনশ্যাম ৰায়, বিৰলা দাস, কল্লনা দাসসহ বহুলোক আহত হৈছে বুলি জানিব দিয়ে স্থানীয় লোকে। প্ৰশাসন তথা ঠিকাদাৰে খৱৰ নোলোৱাৰ অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। বিভাগীয় কৰ্তৃপক্ষই যথা সম্ভৱ সোনকালে কাম সম্পুৰ্ণ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: