অসম

মৰনৈ চাপৰি গাঁৱত ন-খোৱা উৎসৱ উদযাপন

সংবাদদাতা, ঢকুৱাখনা:- অসমীয়া সমাজ জীৱনৰ কৃষিজীৱী অন্যতম উৎসৱ হৈছে ন-খোৱা। কাতি আৰু আঘোণ মাহত কৃষকে কঁকালৰ ঘাম মাটিত পেলাই কৰি থোৱা পকা ধানসমূহ চপাই মৰণা মৰাৰ পাছত নতুন ধানৰ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খোৱা কাৰ্যক সাধাৰণতে ন-খোৱা বুলি কোৱা হয়। পূৰ্বপুৰুষৰ এই পৰম্পৰা অব্যাহত ৰাখিছে মৰনৈ চাপৰি গাঁৱৰ ৰাইজে। বিগত বৰ্ষ সমূহৰ দৰে এইবছৰো মৰনৈ চাপৰি গাঁৱৰ ৰাইজে সমজুৱাকৈ উলহ মালহেৰে জুটি লগাই খাইছে ন ভাত। এই ন-খোৱা উৎসৱে কৃষিজীৱী অসমীয়াৰ মাজত ঐক্য-সংহতি আৰু সম্প্ৰীতিৰ এনাজৰীডাল গঢ়ি তুলিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: