অসম

মৰনৈ বেবেজীয়াত চাকৰি প্ৰত্যাশীৰ একাংশ যুৱক-যুৱতী ব্যস্ত কঠোৰ শাৰীৰিক অনুশীলনত

সংবাদদাতা, ঢকুৱাখনা:- ভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনাৰ মৰনৈ বেবেজীয়াৰ একাংশ যুৱক যুৱতীয়ে অযুত সপোন লৈ বাস্তৱত ৰূপায়ণ কৰিবলৈ ব্যস্ত হৈ পৰিছে কঠোৰ শাৰীৰিক অনুশীলনত।সেয়েহে আগন্তুক হ’বলগীয়া অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ দৈনন্দিন দিন ৰাতি একাকাৰ কৰি পুৱা-গধূলি দৌৰা, জপিয়াৱাকে ধৰি কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে এইসকল যুৱক- যুৱতীয়ে।

এই ক্ষেত্ৰত অসম আৰক্ষীত কৰ্মৰত মৰনৈ বেবেজীয়াৰ কৈৱৰ্ত গাঁৱৰ যাদৱ দাস আৰু পবিত্ৰ দাসে যুৱক-যুৱতী সকলক শাৰীৰিক অনুশীলনকে কৰি অধ্যয়ন দিশত সহায় কৰিবৰ বাবে উৎসাহ আৰু অনুপ্ৰেৰণা যোগাই অনুশীলন কৰাত সহায় কৰিছে। দুগৰাকী আৰক্ষীৰ এই কৰ্মৰাজিক সকলোৱে প্ৰশংসা কৰাৰ লগতে শলাগ লৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: