অসম

মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্ত আৰু পিযুষ হাজৰিকাৰ

সংবাদদাতা, ভূৰবন্ধা: এসপ্তাহৰ ভিতৰত মৰিগাঁৱৰ প্ৰতিটো চৰকাৰী বিভাগে নিজৰ নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগিব। সেই প্ৰতিবেদনৰ ভিত্তিত মৰিগাঁও জিলাৰ ভৱিষ্যত পৰিকল্পনা প্ৰস্তুত কৰা হ’ব। এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। শুক্ৰবাৰে মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ক’ভিড চেণ্টাৰত থকা ৰোগীৰ স্বাস্থ্যৰ বুজ লৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত নিৰ্মাণ হবলগীয়া ১৯খন আই চি ইউ বিছনা যুক্ত প্ৰথম মহলাৰ কাম

অহা ৩০ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে কেশৱ মহন্তই। লগতে ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে সকলোৱে ক’ভিড প্ৰট’কল মানি চলিবলৈ কঠোৰ নিৰ্দেশ দিয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে। দ্বিতীয় পালি ক’ভিড ভেকচিন ৰাজ্যত পৰ্যাপ্ত পৰিমাণে আছে আৰু আনলক প্ৰক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়েহে সিদ্ধান্ত ল’ব বুলি কয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থমন্ত্ৰীৰ এই পৰিদৰ্শনকালত সংগ দিয়ে জাগীৰোড সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: