অসম

মৰিগাঁও চৰাইবাহী মহাবিদ্যালয়ত গ্ৰন্থ উন্মোচন

সংবাদদাতা, ভূৰবন্ধা:- মঙ্গলবাৰে মৰিগাঁও চৰাইবাহী মহাবিদ্যালয়ত বিশিষ্ট শিক্ষাবিদ তথা চৰাইবাহী মহাবিদ্যালয় সহ অধ্যাপক নাৰায়ণ ডেকা সম্পাদিত এক গ্ৰন্থ উন্মোচন কৰে।চৰাইবাহী মহাবিদ্যালয়ৰ সহ অধ্যাপক শ্ৰীহৰি নাৰায়ণ ডেকাই সম্পাদনা কৰা ‘জ্ঞানম’ শীৰ্ষক এই গৱেষণামূলক গ্ৰন্থ উন্মোচন কৰে ‘অখিল ভাৰতীয় ইতিহাস সংকলন যোজনাৰ ৰাষ্ট্ৰীয় সম্পৰ্ক প্ৰমুখ্, তথা উত্তৰ পূৰ্বাঞ্চল সংগঠন মন্ত্ৰী শ্ৰী হেমন্ত ধিং মজুমদাৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড. কমল চন্দ্ৰ নাথ সভাপতিত্বত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বৰ্তমান চৰাইবাহী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গণেশ চন্দ্ৰ মেধিসহ প্ৰায় অৰ্ধশতাধিক লোক।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: