অসম

মৰিগাঁও জিলাত ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস আয়োজন

সংবাদদাতা, মৰিগাঁও:- মৰিগাঁও শ্বহীদ টিলক হেমৰাম গুনাভিৰাম অসামৰিক চিকিৎসালয়ত মৰিগাঁৱৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত ১২ বছৰৰ পৰা ১৪ বছৰীয়া কিশোৰ-কিশোৰী সকলৰ বাবে ভেকছিনৰ উদ্বোধনী অনুষ্ঠানৰ সৈতে ৰাষ্ট্ৰীয় টিকাকৰণ দিৱস পালন কৰা হয়। অনুষ্ঠানটি উদ্বোধন কৰে মৰিগাঁও জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই। লগতে এই অনুষ্ঠান উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুচাহাৰী, স্বাস্থ্যৰ যুটীয়া সঞ্চালক ডাঃ ফণী পাঠক, ডাঃ জয়ন্ত কুমাৰ দাস, স্বাস্থ্য বিষয়া চন্দ্ৰচিং ডেউৰজা, DIO জুফিন চুলতানা, DPM চান্দা সিং, DME নৱ কুমাৰ মেধি সহ বহু সংখ্যক স্বাস্থ্য কৰ্মী। চিকিৎসক জয়ন্ত কুমাৰ দাসে আঁত ধৰা এই টিকাকৰণ দিৱস আৰু ভেকছিন মুকলি অনুষ্ঠানত চিকিত্সা বিষয়া পাঠকে তেওঁৰ ভাষণত সকলো কৰ্মীক অনুপ্ৰাণিত কৰা লগতে আজাদী কা অমৃত মহোৎসৱৰ উপলক্ষে পলিঅ’ টিকাকৰণ কাৰ্যসূচীৰ অন্তিম পৰ্যায়লৈকে দৃষ্টিগোচৰ কৰায়। লগতে কয় পালচ পলিঅ’ কাৰ্যসূচী 1985 চনত আৰম্ভ কৰা হৈছিল আৰু 27 মাৰ্চ, 2014 তাৰিখে পলিঅ’মুক্ত ঘোষণা কৰা হৈছিল। যদিও তেওঁ এই কাৰ্য্যসূচীটো বৰ্তমানেও অব্যাহত ৰাখিলেহে আগন্তুক সময়ত পলিঅ’ ভাইৰাছ নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি মন্তব্য কৰে। তেওঁ কয় যে জিলাখনৰ ১২ ৰ পৰা ১৪ বছৰ বয়সৰ মুঠ ৫৫, ৪৭৬ গৰাকীক ভেক্সিন দিয়াৰ ব্যবস্থা কৰায়। লগতে উক্ত অনুষ্ঠানতে আশা কৰ্মী ৰত্নেশ্বৰী বৰা আৰু জ্যোতি বৰা ANM চাৰু মহন্তক গামোচা, ট্ৰফী আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

Show More

Leave a Reply

Your email address will not be published.

Back to top button