অসম

মৰিগাঁও যুৱ-ছাত্ৰ পৰিষৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰীলৈ

সংবাদদাতা, মৰিগাঁও সদৰ : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মৰিগাঁও জিলা সমিতিৰ সভাপতি দীপজ্যোতি বৈশ্য আৰু সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলমৰ স্বাক্ষৰিত তিনিট‍া মূল দাবী সম্বলিত এখন স্মাৰক পত্ৰ মৰিগাঁও জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

সংগঠনটোৱে স্মাৰক পত্ৰত উল্লেখ কৰে যে, সম্প্ৰতি কভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত অসমৰ সকলোবোৰ শিক্ষা অনুষ্ঠান বন্ধ হৈ আছে যদিও ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰীক অনলাইনযোগে পাঠদান প্ৰক্ৰিয়া চলি আছে। কিন্তু চৰকাৰী বিদ্যালয়সমূহত তেনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই।

সেয়েহে চৰকাৰী বিদ্যালয় সমূহত অধ্যয়নত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি সকলো চৰকাৰী বিদ্যালয়ত গৰম বন্ধৰ সময়ছোৱাৰ লগতে কভিডৰ বাবে ঘোষণা কৰা বন্ধৰ সময়ত অনলাইন পাঠদানৰ ব্যৱস্থা কৰাৰ বাবে দাবী জনায় সংগঠনটোৱে। আনহাতে, কভিডৰ দুৰ্যোগৰ বাবে সমগ্ৰ দেশৰ সৰ্বসাধাৰণ ৰাইজে আৰ্থিক দুৰৱস্থাৰ সন্মুখীন হৈছে।

কিন্তু অতি পৰিতাপৰ বিষয় এই যে, এনে দুৰ্যোগৰ সময়ত কৃষিকাৰ্যত ব্যৱহৃত বিভিন্ন প্ৰকাৰৰ ৰাসায়নিক সাৰৰ ব্যাপক পৰিমাণে মূল্যবৃদ্ধি হৈছে। সেয়েহে কৃষিকাৰ্যত ব্যৱহৃত সকলো ধৰণৰ ৰাসায়নিক সাৰৰ মূল্য হ্ৰাস কৰাৰ দাবী জনোৱাৰ লগতে মহামাৰী ক’ৰনাৰ পৰিপ্ৰেক্ষিতত হোৱা অসমৰ

সৰ্বসাধাৰণ কৃষক ৰাইজৰ দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি সকলো কৃষিভূমিৰ খাজনা সম্পূৰ্ণ ৰেহাইৰ দাবী জনায়। ৰাজ্য চৰকাৰে শীঘ্ৰে দাবী সমূহ পুৰণ নকৰিলে যুৱ-ছাত্ৰ পৰিষদে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰাৰ কথা স্মাৰক পত্ৰত উল্লেখ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: