অসম

মৰিগাঁৱত অত্যাটিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন

সংবাদদাতা, মৰিগাঁও:- ৮ মাৰ্চ ২০২২ তাৰিখে মৰিগাঁও জিলা পবিতৰা প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যক্ৰমে আন্তৰ্জাতিকমহিলা দিৱসটি আয়োজন কৰে। মৰিগাঁও জিলা অত্যাটিৰ নামৰ সংগঠটোৱে। মৰিগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ ফণি পাঠকে বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত বিভিন্ন ধৰণৰ কলা সংস্কৃতি নৃত্যও প্ৰদশৰ্ন কৰে। অনুষ্ঠানত জিলা খনৰ বিভিন্ন দিশত অবদান আগবঢ়োৱা বহু কেইগৰাকী মহিলাক সম্বৰ্দ্ধনাও জনায়। অনুষ্ঠানত উপস্থিত থাকি যুটীয়া সঞ্চালক গৰাকীয়ে আন্তজাতিক মহিলা দিৱসৰ সন্দৰ্ভত কয় যে মহিলা সকলে নিজৰ স্বাধীনতা সম্পৰ্কে বিশ্ব বিভিন্ন দেশত বিভিন্ন আন্দোলন কৰাৰৰ লগতে ১৯১৭ চনৰ ৮ মাৰ্চতো ৰাছিয়াতো মহিলা সকলে নিজ স্বাধীনতা সন্দৰ্ভত আন্দোলন কৰিব লগা হয়। আৰু ১৯৭৭ চনত আন্ত ৰাষ্ট্ৰীয় সংগঠন UNO ই মহিলা সকলৰ এই দাবিক সন্মান জনায়। আৰু পৰবৰ্ত্তী সময়ত ৮ মাৰ্চৰ তাৰিখত আন্তজাতিক মহিলা দিৱস হিচাপে মানি আহিছে। লগতে অনুষ্ঠানত উপস্থিত থাকি চিকিত্সক ডাঃ জয়ন্ত দত্তই নাৰী দিৱস আৰু নাৰী স্বাস্থ্যৰ সজাগতা সন্দৰ্ভত এক আলোকপাত কৰায়। ইফালে অনুষ্ঠানত অসমৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰিয় বন্ধু প্ৰতিষ্ঠাপক অৰ্চনা বৰঠাকুৰে কয় যে আজি তাৰিখটো নাৰী বহু পিছ পৰি আছে, আমাৰ মাজত চন্দ্ৰ প্ৰভা বাইদেউ দৰে বহু মহান নাৰী আছিল। সেই সময়ত চন্দ্ৰপ্ৰভা বাইদেউ তেওঁ বিবাহৰ ক্ষেত্ৰটো বহু সমস্যাই দেখা দিছিল, তেনেদৰে বহু মহিলাই আজি তাৰিখতো বহু সংগ্ৰাম কৰিব লগা হৈছে। এই সময়ৰ অত্যাতি নামৰ সংগঠনটোৱে লোৱা এই পদক্ষেপক প্ৰশংসা কৰে। লগতে কয় এগৰাকী মহিলা নিজা চিন্তাধাৰাৰে আগবাঢ়ি যোৱাত সহায় কৰে। মমতাৰ বাবে আমি সন্তান জন্ম দিব নালাগে। এই ক্ষেত্ৰত তেজিমলা সাধু কথাও উল্লেখ কৰে। লগতে কয় যে তেজিমলা দৰে আজি তাৰিখত তেনেধৰণৰ ঘটনা নঘটাবলৈ আহ্বান কৰে। পুৰুষ সকলে নাৰি সকলক আগবাঢ়ি যোৱাত সহায় কৰা সন্দৰ্ভত মন্তব্য কৰে। বহুক্ষেত্ৰত পুৰুষ সকলে নিজৰ মনৰ কথা প্ৰথমে নিজৰ আপোন মানুহ গৰাকীক কয়। নাৰী সকল আজি তাৰিখত কিছু সীমাবদ্ধতা ভিতৰতে আছো সীমাবদ্ধতা ক্ষেত্ৰত মহিলা সকলৰ নিজৰ মনৰ ওপৰত নিৰ্ভয় কৰে। মহিলা সকলৰ যি প্ৰাপ্য তাৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াটো বহুতেই প্ৰয়োজন। আজি তাৰিখতো বহু পুৰুষ উপাজনৰ ক্ষেত্ৰত বহু মহিলা ওপৰত নিৰ্ভয় কৰে। বহু মহিলাই শিল ভাঙি নিজৰ জীৱন কটাবলগীয়া হৈছে। বহু ক্ষেত্ৰত নাৰিয়ে নিজে কাম কৰি পৰিয়াল পোহপালন দিয়াও দেখাঁ যায়। আমি নিজৰ ছোৱালীক বিভিন্ন ধৰণৰ শিক্ষা দিয়া ক্ষেত্ৰতো মন্তব্য কৰে। লগতে এই ক্ষেত্ৰত হিমা দাস, লাভলীনা বুঢ়াগোহাঁই আদিৰ উদাহৰণ দাঙি ধৰে। আনফালে বহু ক্ষেত্ৰত বহু পুৰুষে নিজৰ পত্নিক নিজৰ সন্তানৰ সন্মুখতে বিভিন্ন ধৰণৰ নক’বলগীয়া কথা কয়। ইয়াৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰে। আজি এই অনুষ্ঠানত অত্যাতি সমূহ বিষয় ববিয়া সকলৰ লগতে জিলা খনৰ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ইফালে আজি তাৰিখতৰ মৰিগাঁও জিলা মানসিক চিকিত্সা বিভাগে পবিতৰাহাতত এক চিকিত্সা শিবিৰও মুকলি কৰে। শিবিৰত ডাঃ জয়ন্ত দত্ত সহ বহু কেইগৰাকী চিকিত্সকৰ লগতে নিমিষা বৰাও উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button