অসম

মৰিগাঁৱত টেলিকম কোম্পানী সমূহৰ সূচল নেটৱৰ্ক প্ৰদানত বিসংগতি

জিলা আছুৰ সৈতে বৈঠকত টেলিকম কোম্পানীৰ বিষয়ববীয়াৰ শীঘ্ৰে নেটৱৰ্কৰ সমস্যা দূৰ কৰাৰ আশ্বাস

সংবাদদাতা, ভূৰবন্ধা: সমগ্ৰ মৰিগাঁও জিলাখনতে যোৱা দীৰ্ঘদিন ধৰি জনসাধাৰণে নেটৱৰ্ক সেৱা লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছিল। ৰাইজ, অভিভাৱক, শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলে টেলিকম কোম্পানীৰ সমূহৰ পৰা সেৱা সমূহ সুচাৰু ৰূপে লাভ কৰিব পৰা নাই, যাৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। শেহতীয়াকৈ কৰ’ণা মহামাৰীৰ ফলত দীৰ্ঘদিন ধৰি বিদ্যালয়, মহাবিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে আনুষ্ঠানিক শিক্ষা লাভৰ পৰা

বঞ্চিত হ’বলগীয়া হৈছে আৰু অনলাইন মাধ্যমেৰে পাঠদান প্ৰক্ৰিয়া চলাই নিয়াত আৰু পৰীক্ষা অনুষ্ঠিত কৰাত শিক্ষক, অভিভাৱকৰ লগতে ছাত্ৰ-ছাত্ৰীয়েও উপযুক্তভাৱে (এয়াৰটেল, জিঅ’, বি এছ এন এল, ভোডাফোন) আদিৰ নেটৱৰ্কসমূহ অঞ্চল বিশেষে বিকল হৈ থকাত আৰু সঠিক ভাৱে লাভ নকৰাত বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। ইয়াৰ উপৰিও বেংক প্ৰতিষ্ঠান সমূহত সুন্দৰভাৱে নেটৱৰ্ক সেৱা নোপোৱাত সময়মতে লেনদেন কৰিব নোৱাৰাত ৰাইজ তথা গ্ৰাহকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় আৰু

যাৰ ফলত বেংকসমূহত বহু সময় ধৰি অপেক্ষা কৰি মূল্যৱান সময় নষ্ট কৰিব লগীয়া হোৱাত ৰাইজ অতিষ্ঠ হৈ পৰে আৰু টেলিকম সেৱা সমূহৰ ওপৰত আস্থা হেৰুৱাইছে। ৰাইজৰ বহু অভিযোগ লাভ কৰাৰ পাছত ইয়াৰ লগত জড়িত সকলো টেলিকম বিভাগৰ উচ্চ স্তৰীয় বিষয়া সকলৰ লগত আজি সদৌ মৰিগাওঁ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিৰ নেতৃত্বত জিলা আছুৰ এটা দলে ছাত্ৰ সন্থাৰ কাৰ্যালয় গান্ধী ভৱন প্ৰাংগনত এক সভাৰ যোগেদি আলোচনাত মিলিত হয়। জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে কয়, টেলিকম কোম্পানী সমূহে গ্ৰাহকক ২৪ ঘণ্টাই সুচল নেটৱৰ্ক সেৱা প্ৰদানৰ বাবে দায়বদ্ধ হ’ব লাগিব,

ছাত্ৰ-ছাত্ৰীৰ অনলাইন পাঠগ্ৰহণত অসুবিধা, নেটৱৰ্কৰ বাবেই, বেংক আদি গুৰুত্বপূৰ্ণ কাৰ্যালয় সমূহৰ কাম-কাজত যথেষ্ট ব্যাঘাত জন্মে, আলোচনাৰ অন্তত এই নেটৱৰ্কৰ সমস্যাসমূহ অতিশীঘ্ৰেই সমাধান কৰি সঠিক নেটৱৰ্ক যোগান ধৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি সুন্দৰভাৱে চলাই যাৱলৈ বিভাগসমূহৰ কৰ্তৃপক্ষক জিলা আছুৱে দাবী জনোৱা হয়। জিলা ছাত্ৰ সন্থা সাধাৰণ সম্পাদক ৰূপজ্যোতি মেধিয়ে আত ধৰা অনুষ্ঠানত জিলা উপসভাপতি কুঞ্জ বৰা, শিৱ দাস, শিক্ষা সম্পাদক লোকেন্দ্ৰ ছেত্ৰী, জিলা কাৰ্যনিৰ্বাহক দেৱিজিৎ ডেকা, সদৰ ছাত্ৰ সন্থা সভাপতি কমল মহন্ত, ভাৰপ্ৰাপ্ত ‌সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি বৰ্মন আৰু কাৰ্যালয় সম্পাদক শংকৰ উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: