অসম

মৰিগাঁৱত প্ৰকৃতিপ্ৰেমী মঞ্চ আৰু সহায়(অসম)ৰ লাচিত দিৱস পালন

সংবাদদাতা, লাহৰীঘাট:- আজি লাচিত দিৱস। সমগ্ৰ অসমৰ লগতে মৰিগাঁৱতো প্ৰকৃতিপ্ৰেমী মঞ্চৰ উদ্যোগত আৰু সহায় (অসম)ৰ সহযোগত অসমীয়া জাতিৰ শৌৰ্য্য-বীৰ্য্যৰ প্ৰতীকস্বৰূপ লাচিত বৰফুকনৰ ৩৯৯ সংখ্যক ওপজা দিৱসটি চাৰণবিল কমপ্লেক্সত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। লাচিত বৰফুকনৰ বীৰত্ব আৰু শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাৰ বিজয়ৰ স্মৃতিত পালন কৰা এই দিৱসৰ প্ৰথম কাৰ্যসূচী লাচিত বৰফুকনৰ আলোকচিত্ৰত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে চাৰণবিল জলক্ৰীড়া প্ৰকল্পৰ প্ৰশিক্ষক অনন্ত বৰঠাকুৰে। ৯ বাজি ২৫ মিনিটত গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বঘৰা অঞ্চলৰ শংকৰী কলা সংস্কৃতিৰ সাধক ঘনকান্ত ডেকাই। নগাবন্ধা কনিষ্ঠ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰৱক্তা কমল চন্দ্ৰ ডেকাই সভাপতিত্ব কৰা মূল কাৰ্যসূচী উদ্বোধন কৰে মৰিগাঁও জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই।

মুখ্য অতিথি হিচাপে ভাষণ আগবঢ়ায় সাংবাদিক অজিত শৰ্মাৰ লগতে চৰাইবাহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰেখা গোঁহায়ে। এই সভাতেই অসমৰ বিশিষ্ট চনেত কবি দেবেন দাস, সু-সাহিত্যিক তথা শব্দকল্পৰ সভাপতি লক্ষ্য জ্যোতি নাথ, ছাত্ৰ নেতা ললিত চন্দ্ৰ পাচনী, কৃষক নেতা তুলসী ডেকা, ভাস্কৰ্য শিল্পী উদ্ধৱ ডেকা, বিশিষ্ট অভিনেতা ধন্তি ডেকা, প্ৰকৃতিপ্ৰেমী ক্ৰমে- ইন্দ্ৰ ৰাজা, পুলিন ডেকা, বসন্ত ডেকা, জোনমণি বৰদলৈ, ঘনশ্যাম বৰদলৈ, বাপধন ডেকা, সমাজ সেৱীকা বীণা হিৰা, সমাজ সংগঠক ৰাতুল ডেকা, প্ৰতিশ্ৰুতি সম্পন্ন কবি তথা প্ৰকৃতিপ্ৰেমী পাৰ্থপ্ৰতিম গৌতমকে আদিকৰি কেইবাগৰাকীও ব্যক্তিক হস্তনিৰ্মিত কলম, ফুলৰ মালা, গামোচা, জাপি, সম্বৰ্ধনা পত্ৰ আদিয়ে লাচিত বৰণ কৰা হয়। প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰধান সম্পাদক হিতেশ শৰ্মা আৰু সহায়ৰ সভাপতি ৰাজু মহন্তই আঁতধৰা এই কাৰ্যসূচীক সভাত সমবেত বৌদ্ধিকমহলে ভূয়সী প্ৰশংসা কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: