অসম

মৰিগাঁৱত প্ৰশাসনৰে মন্ত্ৰী পিযুষ হাজৰিকাৰ বৈঠক

সংবাদদাতা, ভূৰবন্ধা : জলসম্পদ, জনসংযোগ  বিভাগৰ  মন্ত্রী পিযুষ হাজৰিকাই আজি মৰিগাৱত উপস্থিত হৈ জিলাখনৰ ক’ভিদ সম্পৰ্কীয় পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুস্থিত সভাত মৰিগাঁৱ জিলাত ক’ভিদ হস্পিতেলৰ বিচনা কিমান আছে, অক্সিজেনৰ ব্যৱস্থা কৰা, ভেকচিন কিমান মানুহক দিয়া হৈছে,

হোম আইচ’লেচনত কিমান ব্যক্তি আছে আৰু তেখেতসকলৰ ঔষধ যোগান আদি বিষয়ৰ বুজ লয়। মন্ত্রী গৰাকীয়ে হোম আইচ’লেচনৰ ওপৰত অধিক নজৰ ৰাখিবলৈ নিৰ্দেশ দিয়ে, কাৰন হোম আইচ’লেচন ভালদৰে নিৰীক্ষণ নকৰিলে ক’ভিদৰ বৃদ্ধিৰ হাৰ কমোৱাটো সম্ভৱ নহয় বুলি মত পোষণ কৰে।

৫০ৰ উৰ্ধৰ কভিদ পজিটিভ ব্যক্তিক বাধ্যতামূলক ভাৱে হস্পিতালত ভৰ্তি কৰোৱাৰ লগতে কভিদ পৰীক্ষাৰ হাৰ আৰু ভেকচিন প্ৰদানৰ হাৰ বৃদ্ধি কৰিবলৈ পৰামৰ্শ দিয়ে। ডাক্তৰ সকল, গাওঁ পঞ্চায়তৰ সভাপতি, সদস্যৰ লগতে, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ সদস্য সকল, গাওঁবুঢ়া,

সমাজৰ বিশিষ্ট ব্যক্তিসকলৰ লগতো আলোচনাত মিলিত হৈ সজাগতা বৃদ্ধিৰ বাবে জিলা উপায়ুক্তক পৰামৰ্শ দিয়ে। আনহাতে বাৰিষা অহাৰ আগেয়ে বানপানী ৰোধৰ বাবে ব্যৱস্থা লবলৈ আৰু আধৰুৱা হৈ থকা কাম সমাপন কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়াসকলকো নিৰ্দেশ দিয়ে। আলোচনাৰ অন্তত মন্ত্ৰী গৰাকীকে

মৰিগাঁও অসামৰিক চিকিৎসালয়ো পৰিদৰ্শন কৰে। সভাত মৰিগাঁও আৰু লাহৰিঘাট বিধানসভা সমষ্টিৰ বিধায়কদ্বয়, মৰিগাঁও জিলাৰ উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত উপায়ুক্তসকল, জিলা আৰক্ষী অধীক্ষক, চক্ৰ বিষয়া সকল, স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ লগতে উচ্চ পৰ্যায়ৰ বিষয়া সকল উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: