অসম

মৰিগাঁৱৰ ক’ভিড আক্ৰান্ত পৰিয়ালৰ মাজত মাস্ক, চেনিটাইজাৰ আৰু খাদ্য-সামগ্ৰী বিতৰণ

সংবাদদাতা, মৰিগাঁও: সমগ্ৰ বিশ্বতে এতিয়া কৰ’ণা মাহামাৰীৰ দ্বিতীয়টো ঢৌৱে ত্ৰাসৰ সৃষ্টি কৰিছে৷ আমাৰ দেশো ইয়াৰ ব্যতিক্ৰম নহয়৷ ইতিমধ্যে অসমৰ প্ৰতিখন জিলাই এই মহামাৰীৰ কৱলত পৰাৰ লগেলগেই অধিক সষ্টম হৈ পৰিছে আৰক্ষী তথা জিলা প্ৰশাসন৷ নিতৌ নতুন নতুন অঞ্চললৈ ক’ভিড ১৯ ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ঠাই বিশেষে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ ফলশ্ৰুতিতেই একাংশ পৰিয়ালৰ মাজত খাদ্য সংকটৰ লগতে নানা ধৰণৰ অভাৱে দেখা দিছে৷

ইতিমধ্যে মায়ং আৰক্ষী চকীৰ অন্তৰ্গত বহুকেইখন গাঁৱত মহামাৰীৰ কৱলত পৰিছে৷ এই ৰোগত আক্ৰান্ত হোৱা একাংশ পৰিয়ালৰ মাজত দেখা দিয়া খাদ্য-সামগ্ৰীৰ কিছু অভাৱ দূৰ কৰাৰ মানসেৰে ৰবিবাৰে মৰিগাঁও জিলাৰ তিনিগৰাকী সাংবাদিক ক্ৰমে ভৰত কুমাৰ নাথ, চন্দন হীৰা আৰু পিংকু দেৱ নাথৰ লগতে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক পৰেশ চন্দ্ৰ চৌধুৰী, বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ নাথ, সঞ্জয় বিশ্বাস আৰু অতুল বিশ্বাস এই আটাইকেইজনৰ নিজা সামৰ্থ অনুসাৰে মাস্ক,

চেনিটাইজাৰ, খাদ্য-সামগ্ৰী ক্ৰয় কৰি জিলাখনৰ মায়ং আৰক্ষী চকীত উপস্থিত হয়৷ ক’ভিড যোদ্ধা হিচাপে প্ৰত্যক্ষভাৱে সেৱা আগবঢ়ায় অহা আৰক্ষী চকীখনৰ লোক সকললৈ চেনিটাইজাৰ আৰু মাস্ক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতীয়াৰ হাতত অৰ্পণ কৰাৰ লগতে ৰজামায়ং আৰু কাছশিলা গাঁৱৰ সৰ্বমুঠ ত্ৰিশটা পৰিয়ালৰ মাজত খাদ্য-সামগ্ৰী আৰু মাস্ক বিতৰণ কৰে৷ উক্ত সময়ছোৱাত মায়ং অঞ্চলৰ দুগৰাকী সমাজহিতৈষী ব্যক্তি ক্ৰমে দূৰ্গেশ্বৰ নাথ আৰু নৱ কুমাৰ নাথ ওৰফে নৱৰাজনে সহযোগিতা আগবঢ়ায়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: