অসম

মৰিগাঁৱৰ সাংবাদিক জিণ্টু ডেকাক বিশেষ সম্বৰ্ধনা

সংবাদাতা, লাহৰীঘাট:- মৰিগাঁৱৰ সাংবাদিক জিণ্টু ডেকাক তক্ষশীলা সাহিত্য সাংস্কৃতিক সন্মিলন আৰু উত্তৰ-পূব সাহিত্য সংস্কৃতি পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনায়। ৰবিবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ ডিজিটেল সভাকক্ষত দিনযোৰা কাৰ্যসূচীৰে তক্ষশীলা সাহিত্য সাংস্কৃতিক সন্মিলনৰ মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ-পূব সাহিত্য সংস্কৃতি পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা শাৰদীয় কবিতাৰ মৌমেল আৰু সম্বৰ্ধনা শীৰ্ষক এক বৰ্ণিল অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা বিশেষকৈ ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য, সামাজিকভাৱে জড়িত মুঠ ২১ গৰাকী ব্যক্তি বিশেষক জনোৱা হয় সম্বৰ্ধনা।

তাৰ ভিতৰতে মৰিগাঁৱৰ ঈশান নিউজৰ সাংবাদিক জিণ্টু ডেকাক বিশেষভাৱে সম্বৰ্ধনা জনায় অনুষ্ঠানটিত। উল্লেখ্য যে, গৰাখহনীয়াগ্ৰস্থ লাহৰীঘাট অঞ্চলৰ পৰা দীৰ্ঘদিন ধৰি সংবাদ সেৱাৰ লগত জড়িত জিণ্টু ডেকা বৰ্তমান সময়ত মৰিগাঁও সদৰৰ পৰা অসমৰ আগশাৰীৰ ৱেব পৰ্টেল ঈশ্বান নিউজত সংবাদ সেৱা আগবঢ়াই আছে। বিভিন্ন সময়ত বিভিন্ন সমস্যাক আওকাণ কৰি সত্য নিষ্ঠাৰে সংবাদ সেৱা আগবঢ়াই অহা জিণ্টু ডেকাক এই সম্বৰ্ধনা আগবঢ়াই সংস্থাটোয়ে। উক্ত অনুষ্ঠানত ৰহস্য আলোচনীৰ মুখ্য সম্পাদক, মৰিগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বৰ অসম কাকতৰ স্বত্বাধিকাৰী সহ মৰিগাঁও জিলাৰ বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: