অসম

মৰিয়নিত সোণ, ৰূপ পৰিস্কাৰ কৰাৰ নামত প্ৰৱঞ্চকে মহিলাৰ পৰা লুটিলে ২ লক্ষাধিক টকাৰ সোণৰ গহনা

এই সপ্তাহৰ কাকতখন পঢ়িবলৈ ক্লিক কৰক

সংবাদদাতা, চেলেংহাট:- বহিৰাগত প্ৰবঞ্চকৰ হাতত প্ৰবঞ্চিত হৈ বহু লোক আজিৰ দিনত সৰ্বহাৰা হোৱাটো এক নিত্য-নৈমিত্তিক ঘটনাত পৰিণত হৈছে। বিশেষকৈ কোনো পুৰুষ নথকা ঘৰৰ মহিলা সকল এই প্ৰবঞ্চকৰ মূল লক্ষ্য হিচাপে বাচি লয়। এনে এক ঘটনা আজি সংঘটিত হৈছে মৰিয়নিৰ পুখুৰীয়া গাঁও নিবাসী মাজনি বুঢ়াগোঁহাই নামৰ মহিলা গৰাকীৰ ক্ষেত্ৰত। দুটা প্ৰবঞ্চকে ঘৰত কোনো পুৰুষ নথকাৰ সুযোগ লৈ মাজনি বুঢ়াগোঁহাইৰ ঘৰত প্ৰৱেশ কৰে। প্ৰথমে বাচনৰ লগতে আ-অলংকাৰ চফা কৰিবলৈ অহা বুলি কৈ বিভিন্ন চলাহী কথাৰে মহিলা গৰাকীয়ে পিন্ধি থকা সোণৰ গহণা চফা কৰোৱাবলৈ বাধ্য কৰায়। হিন্দী ভাষী দুয়োটা প্ৰবঞ্চকে গহণাখিনি চফা কৰি বাকচ এটাত ভৰায় দিয়াৰ চলেৰে মহিলা গৰাকীক ঘূৰাই দি ওলাই যায়। কিছু মুহূৰ্ত্বৰ পাছত মহিলা গৰাকীৰ সন্দেহ হোৱাত বাকচটো খুলি এটাও গহনা নথকা দেখি হতভম্ব হৈ পৰে মাজনি বুঢ়াগোঁহাই। ইতিপূৰ্বে প্ৰবঞ্চক দুটাই গহনাখিনি লৈ মটৰ চাইকেলত উঠি উধাও হয়। এই ঘটনাই বৰ্তমান সমগ্ৰ মৰিয়নিত চাঞ্চল্য সৃষ্টি কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: