অসম

যক্ষ্মা, কুষ্ঠ ৰোগ নিৰ্মূলকৰণ, কেন্সাৰ ৰোগ প্ৰতিৰোধ, ধঁপাত সেৱনৰ অপকাৰীতাৰ সম্পৰ্কত আলোচনা

সংবাদদাতা, পশ্চিম যোৰহাট:- দেশৰ পৰা যক্ষ্মা, কুষ্ঠ ৰোগ নিৰ্মূলকৰণৰ লগতে কেন্সাৰ ৰোগ প্ৰতিৰোধ আৰু ধঁপাত সেৱনৰ অপকাৰীতাৰ সম্পৰ্কত আলোচনা ৭ জানুৱাৰীত যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত হয়৷ জিলাখনত ৰাইজৰ প্ৰচেষ্টাত প্ৰতিষ্ঠিত আৰু পৰিচালিত হৈ থকা অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে বেচৰকাৰী সংগঠনসমূহৰ কৰ্মীৰ সৈতে যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ বিষয়া-কৰ্মী, যক্ষ্মা বিভাগৰ বিষয়া-কৰ্মী, কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ কৰ্মী আৰু কুষ্ঠ ৰোগৰ জ’নেল বিষয়াৰে হোৱা আলোচনাৰ আঁত ধৰে জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ সমাজকৰ্মী দীপক হাজৰিকাই৷ সংকল্প শিখাৰ কাৰ্যকৰী সভাপতি ৰমেন শইকীয়াই শুভাৰম্ভ কৰা আলোচনাত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ন’ডেল বিষয়া ডাক্তৰ ভক্তিময় ভট্টাচাৰ্য, মনোবিজ্ঞানী দীপ্তি শইকীয়াই ধঁপাত সেৱনৰ ফলত মানৱ শৰীৰত হোৱা বিভিন্ন ৰোগ, প্ৰতিকাৰ, সেৱনৰ পৰা বিৰত থকাৰ উপায়, চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ, আইন, জৰিমনা আদিৰ সম্পৰ্কত ব্যাখ্যা কৰে৷ কুষ্ঠ ৰোগ নিবাৰণৰ ন’ডেল বিষয়া ডাক্তৰ ৰাজীৱ কুমাৰ বৰুৱাই কুষ্ঠ ৰোগৰ লক্ষণ, প্ৰকাৰ, বিয়পাৰ কাৰণ, চিকিৎসাৰ পদ্ধতি, ঔষধ, সাহায্য আদিৰ সম্পৰ্কত কয়৷ কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ মানসী গোস্বামীয়ে কেন্সাৰ ৰোগীৰ বাবে চৰকাৰে আগবঢ়োৱা সুবিধা, যক্ষ্মা বিভাগৰ কৰ্মী বিজু কামানে যক্ষ্মা ৰোগী, পৰিচৰ্যাকৰীৰ বাবে চৰকাৰে আগবঢ়োৱা সুবিধা যেনে পৰীক্ষাকৰণ, ঔষধৰ লগতে ৰোগী আৰু পৰিচৰ্যাকৰীক চৰকাৰে প্ৰদান কৰা আৰ্থিক সাহায্য সম্পৰ্কত বক্তব্যত উল্লেখ কৰে৷ সংকল্প শিখাৰ সম্পাদক জগন্নাথ অগ্নিবৰাই সামৰণি ভাষণ দিয়া, জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ তথ্য সংৰক্ষক প্ৰশীল কুমাৰ বৰাই পৰিচালনা কৰা প্ৰশ্নোত্তৰত বিভিন্নগৰাকীয়ে সোধা প্ৰশ্নৰ সদুত্তৰ দিয়ে বক্তাসকলে৷ উল্লেখ্য চাৰিওটা বিভাগে ৰাইজক সজাগ-সচেতন কৰিবলৈ প্ৰকাশ কৰি উলিওৱা প্ৰচাৰ-পত্ৰ অংশগ্ৰহণকাৰীসকলক প্ৰদান কৰা হয়৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: