অসম

যশস্বী লেখক, বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰ, বৰপেটা মেডিকেল-কলেজৰ কৰ্মচাৰী সংস্থাৰ

সংবাদদাতা, মন্দিয়া : যশস্বী লেখক, বিশিষ্ট সাংবাদিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে। তেওঁ কয় যে, অসমৰ বাবে অপূৰণীয় ক্ষতি। অনবদ্য আৰু অনন্য কথা সাহিত্যৰ শ্ৰষ্টা হোমেন বৰগোহাঞিৰ দৰে প্ৰচুৰ অধ্যয়নশীল ব্যক্তি বৰ্তমান সময়ত ৰাজ্যখনত নাই বুলিয়েই কব পাৰি।

নতুন প্ৰজন্মৰ মাজত তেখেতৰ জনপ্ৰিয়তা ঈৰ্ষণীয়। ন-ন চিন্তা আৰু দৰ্শনৰ মাজেৰে তেখেতে নিজেকে এগৰাকী চিন্তাবিদ,পথ পদৰ্শক হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিছিল। ব্যক্তিগতভাবে আমাৰ লগত আছিল তেখেতৰ মধুৰ আৰু ঘনিষ্ঠ সম্পৰ্ক। তেখেত সাহিত্যৰ জগতত মোৰ গুৰু, আদৰ্শ ব্যক্তি। বৰগোহাঞি ছাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো।

বিদেহ আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আৰু শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জনাইছে প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে। ইপিনে অসমীয়া সংবাদ আৰু সাহিত্য জগতৰ মহীৰূহ অসমৰ সমাজ জীৱনৰ অতন্দ্ৰ প্ৰহৰী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৰুনাধাৰাৰ

প্ৰতিষ্ঠাপক উপদেষ্টা হোমেন বৰগোহাঁঞিৰ দেহাৱসানত বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে সংস্থাৰ সভাপতি দ্ৰুৱজ্যোতি দাস অাৰু সম্পাদক নৱজ্যোতি দাসে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: