অসম

যাতায়াতৰ সমস্যাই বিমোৰত পেলাইছে মাজুলীত কৰ্মৰত বহিঃজিলাৰ শিক্ষকসকলক

নিউজ ডেস্ক : মাজুলী জিলা শিক্ষা বিভাগে শিক্ষাখণ্ডটোৰ চিআৰচিচি সকলক দিয়া মৌখিক নিৰ্দেশনা অনুসৰি ক’ভিড-১৯ সংক্ৰমণৰ ফলত বিদ্যালয় বন্ধৰ সময়ছোৱাত জিলা দ্বীপটোত কৰ্মৰত বহিঃজিলাৰ শিক্ষক সকলক শীঘ্ৰেই বিদ্যালয়ত উপস্থিত হৈ ছাত্র-ছাত্ৰীসকলৰ ঘৰে ঘৰে গৈ অধ্যয়ন

সামগ্ৰী যোগান ধৰি মেণ্টৰ শিক্ষক হিচাপে শিক্ষাৰ্থীসকলৰ শিক্ষাগ্ৰহণ প্ৰক্ৰিয়াটো চোৱা-চিতা কৰিবলৈ আহ্বান জনাইছে। কিন্তু ৰাজ্যত বলবৎ হৈ থকা মিনি লকডাউনৰ ফলস্বৰূপে আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত নগাঁও, গোলাঘাট,শিৱসাগৰ ইত্যাদি বহিঃজিলাৰ পৰা

মাজুলীলৈ যাবলৈ উপায় বিচাৰি পোৱা নাই মাজুলীৰ বাহিৰৰ শিক্ষকসকল।কিয়নো বহিঃজিলালৈ যান-বাহনৰো চলাচল হোৱা নাই। মাজুলী শিক্ষা বিভাগ বা মাজুলী জিলা প্ৰশাসনে এই ক্ষেত্ৰত বহিঃজিলাৰ শিক্ষকসকলক যাতায়াতৰ বাবে কোনোধৰণৰ অনুমতি পত্ৰ যোগান ধৰাও পৰিলক্ষিত হোৱা নাই।

ইফালে চিকিৎসা কৰ্মীৰ বাদে সাধাৰণ যাত্ৰীৰ বাবে মাজুলীলৈ ফেৰীৰ চলাচলো বন্ধ হৈ আছে। আনহাতে, বিদ্যালয়ত কেন্দ্ৰ সমল মণ্ডল সমন্বয়ক সকলৰ যোগেদি অনুপস্থিত শিক্ষকৰ তথ্য বিচাৰিছে মাজুলী শিক্ষা বিভাগে। গতিকে উপায়ন্তৰ হৈ মাজুলীলৈ যাব নোৱাৰি স্বাভাৱিকতেই

বিমোৰত পৰিছে বাহিৰৰ শিক্ষকসকল। সেয়েহে মাজুলীত কৰ্মৰত বহিঃজিলাৰ শিক্ষকসকলে যাতায়াতৰ বেলিকা সন্মুখীন হোৱা সমস্যাটো অনুধাৱন কৰিবলৈ মাজুলীৰ জিলা উপায়ুক্ত আৰু শিক্ষা বিভাগক অনুৰোধ জনাইছে বহিঃজিলাৰ শিক্ষকসকলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: